ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাৰে তাণ্ডৱৰ সূচনা কৰিছে উগ্ৰপন্থীয়ে৷ মণিপুৰত অৰাজকতাৰ সৃষ্টি কৰা বিচ্ছিন্নতাবাদীয়ে লাভ কৰিছে ক্ষমতাশালী মহলৰ সাহায্য৷ আনকি নিৰ্বাচিত বিধায়কেও উগ্ৰপন্থীক দিছে ধন৷ এই সকলোবোৰ তথ্য EDৰ অভিযোগনামাত সন্নিৱিষ্ট হৈছে৷ ন্যায়ালয়ত তদন্তকাৰীয়ে দাখিল কৰা চাৰ্জশ্বিটত আছে বিস্ফোৰক অভিযোগ৷
কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই সদৰী কৰা অনুসৰি মেইটেই উগ্ৰপন্থী সংগঠন ইউনাইটেড নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অৰ্থাৎ ইউ এন এল এফে সমস্ত পুঁজি ক্ষমতাশালী নেতাৰ জৰিয়তে লাভ কৰিছে৷ কংগ্ৰেছ আৰু বিজেপিৰ বিধায়কে উগ্ৰবাদীক দিছে পুঁজি৷
অৰ্থাৎ উগ্ৰপন্থীয়ে লাভ কৰা ধনৰাশি শাসকীয় আৰু বিৰোধী দলৰ বিধায়কৰ৷ মণিপুৰৰ ৬ জন নেতাই মেইটেই দুৰ্বৃত্তক ধন দিয়াটো ই ডিয়ে নিশ্চিত কৰিছে৷ সেইসকলৰ ভিতৰত আছে প্ৰদেশ বিজেপিৰ সাধাৰণ সম্পাদকৰো নাম৷ উগ্ৰপন্থীৰ এ টি এমৰ দৰে হৈ পৰা নেতাসকলৰ তালিকা ই ডিয়ে ন্যায়ালয়ত দাখিল কৰিছে৷
তদানুসৰি মণিপুৰৰ স্বাধীনতাৰ বাবে ত্ৰাসৰ সূচনা কৰা ইউ এন এল এফে বিজেপি বিধায়ক মায়লংবাম ৰামেশ্বৰ সিং, য়েমনাম খেমচান্দ সিং আৰু কংখাম ৰবীন্দ্ৰ সিঙৰ পৰা চান্দা সংগ্ৰহ কৰিছিল৷ কেৱল তেওঁলোকেই নহয়, সংগঠনটোক ধন দিছিল মণিপুৰ বিধানসভাৰ অধ্যক্ষ থোকচম সত্যব্ৰত সিঙেও৷ প্ৰদেশ বিজেপিৰ সাধাৰণ সম্পাদক জি এছ প্ৰেমানন্দ মিটেয়ো হৈছে ইউ এন এল এফৰ পৃষ্ঠপোষক৷
ইডিৰ চাৰ্জশ্বিটৰ তথ্য অনুসৰি মায়লংবাম ৰামেশ্বৰ সিঙে সংগঠনটোক ৮ লাখ টকা দিছে৷ থোকচম সত্যব্ৰত সিঙে দিছে ৩ লক্ষাধিক টকা৷ তালিকাত নাম থকা কংগ্ৰেছী বিধায়ক কেইছম মেঘচন্দ্ৰ সিঙেও সংগঠনটোক ৫০ হাজাৰ টকা দিছে৷ আনসকলে সন্মিলিতভাৱে উগ্ৰবাদীক ২ লক্ষাধিক টকা আদায় দিছে৷ অৰ্থাৎ মণিপুৰত সংগঠনটোৱে চলোৱা তাণ্ডৱ হৈছে ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাপ্ৰাপ্ত৷ সংগঠনটোৱে ভীতি প্ৰদৰ্শন কৰি ধন সংগ্ৰহ কৰা বুলি ইডিয়ে বিস্তাৰিতভাৱে কৰিছে বিৱৰণ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email