সকলোকে দিলে লাষ্ট ৱাৰ্নিং

মাৰ্কশ্বীটখন ইতিমধ্য়েই তৈয়াৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই৷ সেয়ে তেওঁ আগতীয়াকৈ সকীয়াই দিছে সতীৰ্থ বিধায়কক৷ এই কথাটোৱেই ক’লে হেমাংগ বৰঠাকুৰে৷ অগপৰ কমলা কলিতাই পলাশবাৰী সমষ্টি ২০২৬ চনত দাবী কৰি কেইদিনমান পূৰ্বে যি মুখ্যমন্ত্ৰী হেমাংগ ঠাকুৰীয়াক সুৰক্ষা দিছিল, তেৱেঁই জনসম্পৰ্ক ৰক্ষা কৰিবলৈ ঠাকুৰীয়াক সকীয়াই দিছে? হেমাংগ বৰঠাকুৰে নিজে কোৱা অনুসৰি 24 ঘণ্টাই ৰাইজৰ লগত থাকিবলৈ পৰামৰ্শ দিছে মুখ্যমন্ত্ৰীয়ে৷ তদুপৰি ২০২৬ত বিজেপিয়ে ১০০ আসন পোৱাৰ লক্ষ্য আকৌ নিৰ্ধাৰণ কৰি দিছে মুখ্যমন্ত্ৰীয়ে। আনহাতে আকৌ মুখত তলা লগোৱা হৈছে ৰূপজ্যোতি কুৰ্মিৰ৷ হকে-বিহকে কথা কৈ থকাৰ পৰা বাৰণ কৰি দিছে মৰিয়নিৰ বিধায়কক৷ মুখ্যমন্ত্ৰীয়ে দিয়া ৱাৰ্নিঙৰ কথা নিজেই স্বীকাৰো কৰিছে কুৰ্মিয়ে৷ সেয়ে আজিৰ পৰা কথা কমকৈ কোৱাৰ গোপন সংকল্প গ্ৰহণ কৰাৰ দৰেই হৈ পৰিছে ৰূপজ্যোতিৰ৷ মুখ্যমন্ত্ৰীয়ে কিন্তু সকীয়াই দিছে মানৱ ডেকাকো৷ মিত্ৰজোঁটৰ বৈঠকত সকলো বিধায়ককে তেওঁ দিছে ৱাৰ্নিং৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial