বীৰাপ্পানৰ পকেটত আছে বিভাগ

সেউজ অৰণ্য নিঃশেষ কৰিছে বনদস্যুৱে তিনিচুকীয়াৰ পুষ্পা বুলিয়েই পৰিচিত ডকাইতে শেষ কৰি পেলাইছে কাকজান সংৰক্ষিত বনাঞ্চল এই বিশাল অৰণ্যখনত সদায়েই কাটিছে গছ৷ কাকজানৰ ভিতৰতে ফালিছে বিশাল বৃক্ষ তিনিচুকীয়াৰ পুষ্পাৰ ডকাইতি প্ৰতিৰোধ কৰিবলৈয়ো বন বিভাগৰ সময় নাই অভিযোগ অনুসৰি নিয়মীয়াকৈ বনদস্যুৱে ঊৰ্ধ্বতন বিষয়াক দিয়ে কমিশ্যন গতিকে পুষ্পাই কাটিয়েই আছে গছ উজনিৰ অন্যতম বৃহৎ কাকজান সংৰক্ষিত বনাঞ্চলত পূৰ্বে আছিল বিৰল প্ৰজাতিৰ গছ বিশেষকৈ হোলোং গছেৰে অৰণ্যখন ভৰি আছিল৷ পিছে কেবাবিধো গছৰ লাহে লাহে চিন-মোকাম নোহোৱা হৈছে বনদস্যুৱে কাটি অৰণ্যতে ফালিছে গছ৷ তাৰ পৰা বিভিন্ন স্থানলৈ কাঠ সৰবৰাহ কৰা হৈছে তেতিয়াও কিন্তু ঘূৰিয়েই চোৱা নাই বন বিভাগৰ বিষয়াই৷ কাকজানৰ বনধ্বংসৰ নেপথ্যত ৰাজ্যৰ প্ৰভাৱশালী মাফিয়া জড়িত আছে বুলি সদৰী কৰিছে নাম প্ৰকাশত অনিচ্ছুক সূত্ৰই এই বিষয়ে আমি অনাগত সময়ত প্ৰকাশ কৰিম অধিক তথ্য

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial