চৰকাৰী নিয়ন্ত্ৰণহীনতাৰ বাবে সমস্যা

সাংঘাতিক মাত্ৰাত বাঢ়িছে ইটাৰ দাম ফলত মধ্যবিত্তই ঘৰ সজাটোৱেই অসম্ভৱ হৈ পৰিছে মাত্ৰ এবছৰৰ ব্যৱধানত এটা ইটাৰ দামেই তিনিটকা পৰ্যন্ত বৃদ্ধি হৈছে শ্ৰমিকৰ খৰচ বৃদ্ধিৰ বাবেই ইটাৰ দাম বছৰি ৫ শতাংশপৰ্যন্ত বাঢ়িছে কিন্তু এই উদ্যোগত চৰকাৰী নিয়ন্ত্ৰণ নথকাৰ বাবেও দুৰ্ভোগ ভুগিবলগীয়া হৈছে গ্ৰাহকে এইবছৰ এহাজাৰ ইটাৰ দাম হৈছে ১৩,০০০ টকা অৰ্থাৎ এটা ইটাৰ দামেই হৈছেগৈ কমেও ১৩ টকা আমি উল্লেখ কৰা এই পৰিমাণ ঠাইভেদে ভিন্ন শোণিতপুৰত এহাজাৰ ইটাৰ দাম ১৪,০০০ টকা৷ একেদৰে নুমলীগড় আৰু দেৰগাঁৱতো ইটাৰ দাম বেছি নামনি অসমতো ইটাৰ দাম প্ৰতি হাজাৰত ১৫ হাজাৰ টকাপৰ্যন্ত হৈছেগৈ তদুপৰি ঘৰলৈ ডেলিভাৰী দিয়াৰ বাবেও ইটাভাটাই লৈছে অতিৰিক্ত ধন চিমেণ্ট অথবা ৰডৰ দাম বৃদ্ধিৰ কথা প্ৰায়ে প্ৰচাৰিত হয় কিন্তু ইটাভাটাৰ মালিকেও নিজৰ ইচ্ছামতেই দাম নিৰ্ধাৰণ কৰিছে ফলত সাধাৰণ লোকে ঘৰ সজাটো অসম্ভৱেই হৈ পৰিছে

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial