সৰ্বস্ব হেৰুৱালে ক্ৰিকেটাৰে

হাতত এটা ফোনো নাই বিনোদ কাম্বলিৰ
একালত দেশৰ অন্যতম প্ৰতিভাৱান ক্ৰিকেটাৰ হিচাপে স্বীকৃত কাম্বলিৰ ঘৰ ভাৰা দিবলৈয়ো নাই পইচা৷ মদৰ ৰাগীয়ে সৰ্বস্ব কাঢ়ি নিয়া কাম্বলি বৰ্তমান দিশহাৰা৷
তেওঁ ছমাহৰ আগলৈ ব্যক্তিগত ফোন ব্যৱহাৰ কৰিছিল৷ পিছে খাদ্য সামগ্ৰী কিনা দোকানৰ বাকী মাৰিব নোৱাৰা হ’ল ক্ৰিকেটাৰজন৷
তেতিয়া তেওঁৰ পৰা ফোনটো কাঢ়ি নিলে দোকানীয়ে৷ সেই সময়ৰ পৰা আজিলৈ নতুন ফোন কিনিবলৈ ধন গোটাব পৰা নাই ক্ৰিকেটাৰজনে৷
আনহাতে কাম্বলিৰ ঘৰ ভাৰা দিবলৈয়ো বাকী আছে৷ BCCIৰ পৰা মাহিলী পেঞ্চন হিচাপে পোৱা ৩০ হাজাৰ টকাৰে তেওঁ ঘৰ ভাৰা দিব নোৱাৰে৷
একেসময়তে আকৌ কাম্বলিৰ পৰা বিচ্ছেদৰ আবেদন কৰিছে দ্বিতীয় পত্নীয়ে৷ তেওঁ ইতিমধ্যে আদালততো আবেদন দাখিল কৰিছে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email