আনন্দৰ সময়ত কথা এটা মনত পেলাই দিওঁ
আমাৰ নিজৰে কিমানবোৰ ল’ৰা আওমৰণে মৰিল জানেনে?
পেটৰ দায়ত বৰ্হিৰাজ্যত চাকৰি কৰিবলৈ গৈ অসমৰ কমেও ৬২ জন যুৱকে বৰ্হিৰাজ্যত ২০২৪ চনতে প্ৰাণ হেৰুৱালে৷ অৱশ্যে এই তথ্য চৰকাৰী নহয়৷ বিভিন্ন সময়ত প্ৰকাশিত বাতৰিৰ তথ্য সংগ্ৰহ কৰি আমি সংখ্যা প্ৰকাশ কৰিছোঁ৷
হায়দৰাবাদ, কেৰালা আদিত অসমৰ ল’ৰাবোৰে কাম বিচাৰি গৈ দালালৰ পাল্লাত পৰিছে৷ তাৰ পিছতে তেওঁলোকৰ উভতি অহাৰ পথ হৈ পৰিছে ৰুদ্ধ৷
শেষত উভতি অহাৰ ইচ্ছা কৰিলেই বৰ্হিৰাজ্যত দুৰ্বৃত্তই মাৰি পেলাইছে অসমৰ যুৱকক৷
বিহাৰত ৰে’লতে এজন অসমীয়া যুৱকক কিছুদিন পূৰ্বে দুৰ্বৃত্তই নিধন কৰিছিল৷ তাৰ পিছতো কিন্তু তেনে ঘটনা ঘটিয়েই আছে৷
তদুপৰি নিৰুদ্দেশ হৈছে কমেও ১২ জন অসমীয়া যুৱক৷ ঘৰলৈ ঘূৰি অহাৰ সময়ত হেৰাইছে তেওঁলোক৷
দৰিদ্ৰ পৰিয়ালে বিচাৰি পোৱা নাই তেওঁলোকৰ সন্তানক৷ মাক এতিয়াও ৰৈ আছে পুতেকৰ অপেক্ষাত৷