চাফাইকৰ্মীৰ ভৰি কাটি সৰ্বনাশ

পিকনিক স্থলীত সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে মদৰ ভঙা বটল৷ চৰকাৰে মদ প্লাষ্টিকৰ বটলত বিক্ৰী নকৰিলে যে সৰ্বনাশ হ’ব সেয়াই প্ৰতীয়মান কৰিছে মদাহীৰ উৎপাতে৷
মদাহীয়ে খাই ভাঙি পেলোৱা মদৰ বটল হৈ পৰিছে সন্ত্ৰাসৰ কাৰণ৷ বিশেষকৈ বগীবিল, ভালুকপুং, বিশ্বনাথ ঘাট আদিত চিচাৰ বটল ত্ৰাসৰ কাৰণ হৈ পৰিছে৷
অসমৰ প্ৰায় সকলো পৰ্যটনস্থলীতে ভৰি পৰিছে মদৰ বটল৷ আটাইবোৰ খালী বটল ওজন কৰিলে যে ওজন কেবা কুইণ্টল হ’ব সেয়াও খাটাং৷
ভালুকপুঙৰ এজন স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি চাফাইৰ সময়ত তেওঁলোকৰ ভৰি কাটিছে চিচাৰ বটলে৷
শোণিতপুৰৰ চিজুছাতো অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বহুতে আকৌ নদীত উটুৱাই দিছে খালী মদৰ বটল৷
চিপছৰ পেকেট আৰু মদৰ বটলে অসমৰ জলচৰ প্ৰাণীৰ ধ্বংস নিশ্চিত কৰিছে৷
বিশ্বনাথ ঘাটৰ উমা-টুমনিতো মদৰ বটলৰ দ’ম বান্ধিছে৷ সেইবোৰ চাফা কৰিবলৈয়ো হৈছে বিপদ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email