চাকৰি গ’ল গৌতম গম্ভীৰৰ

প্ৰায় নিশ্চিত হৈছে গৌতম গম্ভীৰৰ অপসাৰণ৷ অষ্ট্ৰেলিয়া ভ্ৰমণ সমাপ্ত হোৱাৰ লগে লগে টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক পদৰ পৰা তেওঁক অব্যাহতি দিব BCCIয়ে৷ দল পৰিচালনাত চূড়ান্ত বিফল হোৱা গম্ভীৰক সম্ভাৱ্য অপসাৰণ বিষয়েও আগতীয়াকৈ জনাই দিয়া হৈছে৷
কিন্তু ইতিমধ্য়ে এই তথ্য প্ৰদানৰ পিছতো গম্ভীৰে বিচাৰিছে এটা বিশেষ সুযোগ৷ প্ৰাপ্ত খবৰ অনুসৰি গম্ভীৰে অপসাৰণৰ পূৰ্বে পদত্যাগ কৰিবলৈ বিচাৰিছে৷ সন্মান ৰক্ষাৰ বাবে তেওঁ BCCIৰ পৰা বিচাৰিছে কিছু সময়
টীম ইণ্ডিয়াৰ সবাতোকৈ বিফল প্ৰশিক্ষক হিচাপে পৰিগণিত হোৱা গৌতম গম্ভীৰেই শেহতীয়া ব্যৰ্থতাৰ বাবে জগৰীয়া বুলি প্ৰকাশ কৰিছে BCCIৰ সূত্ৰই৷
আনহাতে গম্ভীৰ দলৰ মুখ্য পদৰ বাবে BCCIৰ বেছিভাগ কৰ্মকৰ্তাৰ প্ৰথম পছন্দ নাছিল বুলিও ওলাইছে বাতৰি৷ খবৰ অনুসৰি গম্ভীৰক দায়িত্ব প্ৰদানৰ বাবে ব’ৰ্ডৰ ৯০ শতাংশ কৰ্মকৰ্তা আগ্ৰহী নাছিল৷ পিছে বাধ্যত পৰি তেওঁখ দিবলগীয়া হ’ব দায়িত্ব৷
তদুপৰি ব’ৰ্ডে অব্যাহতি দিলে গম্ভীৰ বিপদত পৰিব৷ কাৰণ টীম ইণ্ডিয়াৰ দায়িত্ব গ্ৰহণৰ বাবেই তেওঁ কলকাতা নাইট ৰাইডাৰ্ছৰ মেণ্টৰৰ পদ ত্যাগ কৰিছিল৷ গতিকে চাকৰিবিহীন হৈ পৰিব গম্ভীৰ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email