বৰাহ নন্দনক সজাই-পৰাই সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালে এজন ব্যৱসায়ীয়ে৷ তেওঁৰ অভিনন্দন বাৰ্তা মুহূৰ্ততে হৈ পৰিল ভাইৰেল৷
গাহৰি মাংস বিক্ৰী কৰা ব্যৱসায়ীজনৰ শুভেচ্ছা আনৰ দৰে নাছিল৷
নৱবৰ্ষৰ সময়ত তেওঁ গাহৰিক চশমা পিন্ধাই প্ৰদৰ্শন কৰিলে৷ লগতে সকলোকে দিলে শুভেচ্ছা৷
গুৱাহাটীৰ ৰাজগড়ৰ ব্যৱসায়ীজনৰ কৌশলে সকলোকে আকৰ্ষণ কৰিলে৷ থিতাতে বিক্ৰী হ’ল তেওঁৰ দোকানৰ গাহৰি মাংস৷
বৰ্তমান ছ’চিয়েল মিডিয়াৰ কৃপাত সৰ্বত্ৰ ভাইৰেল হৈ পৰিছে অসমৰ ব্যৱসায়ীয়ে গাহৰিক চশমা পিন্ধোৱাৰ ফটো৷
মাংসৰ বাবে সাজু কৰা ৰখা মৃত গাহৰিৰ মুখত প্ৰসাধন ঘঁহি তেওঁ পিন্ধাইছিল চশমা৷ ছানগ্লাছ পৰিহিত গাহৰিটোক চাবলৈ দোকানত ভিৰ কৰিছিল শতাধিক লোকে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email