অসমত এটা নতুন সমস্যা

অসমৰ যিকোনে এখন বজাৰলৈ গ’লেই এতিয়া দেখা যায় উদঙীয়া ঘোঁৰা গৰাকীবিহীন ঘোঁৰাবোৰে খাদ্যৰ আশাত ঘূৰি ফুৰে কোনোবাই এমুঠি আহাৰ দিয়ে, কিন্তু প্ৰায়বোৰেই খেদি দিয়ে ঘোঁৰাবোৰক ঠায়ে ঠায়ে এজাক ঘোঁৰাও ৰাস্তাত দেখিবলৈ পোৱা যায় গৰাকীবিহীন ঘোঁৰা দুৰ্ঘটনাতো পতিত হৈছে৷ কিন্তু হঠাতে ক’ৰ পৰা আহিল ইমানবোৰ ঘোঁৰা? আচলতে এই ঘোঁৰাবোৰ পোহনীয়াই আছিল৷ পূৰ্বে ঘোঁৰা গাড়ীৰ জৰিয়তে মাল কঢ়িয়াইছিল এচাম ব্যৱসায়ীয়ে তেওঁলোকৰ বেছিভাগেই আছিল মিঞা বেপাৰী৷ কিন্তু বৰ্তমান ঘোঁৰা গাড়ী অদৰকাৰী হৈ পৰিল সৰু-ডাঙৰ বিভিন্ন ধৰণৰ গাড়ী ওলোৱাৰ ফলত ঘোঁৰা গাড়ী কোনেও নিবিচৰা হ’ল কাম নোহোৱা হোৱাৰ বাবে ঘোঁৰা পোহাও গৰাকীৰ বাবে সমস্যা হৈ পৰিল খুৱাই-বুৱাই থকাতকৈ মালিকে মুকলি কৰি দিলে ঘোঁৰা সেই ঘোঁৰাবোৰেই উদঙীয়া হৈ ৰাস্তাত কৰি ফুৰে খাদ্যৰ সন্ধান৷ বজাৰত পেলনীয়া বিচাৰি ঘোঁৰাৰ জাকে ভোক নিবাৰণ কৰে কেবাখনো চহৰৰ পথতো বৰ্তমান দেখা গৈছে ঘোঁৰাৰ জাক গৰুৰ দৰেই উদঙীয়া ঘোঁৰাও হৈ পৰিছে ভয়ংকৰ সমস্যা

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial