২ কোটি ৪৪ লাখ লিটাৰ!

২০২৪ চনত অসমৰ ৰাইজে যিমান মদ খালে বকাসুৰেও সিমান ভাত নাখাইছিল কেৱল গুৱাহাটীতে ২০২৪ৰ ১ জানুৱাৰীৰ পৰা নৱেম্বৰৰ শেষলৈ ২ কোটি ৪৪ লাখ লিটাৰ মদ বিক্ৰী হ’ল এয়া মাথো ৱাইন শ্বপৰ বিক্ৰীৰহে তথ্য৷ চাৰিআলি-তিনিআলিৰ চুকত বিক্ৰী হোৱা মদৰ হিচাপ ইয়াত ধৰা নাই গতিকে সমগ্ৰ অসমত কিমান সুৰা বিক্ৰী হ’ল ভাবক! আবকাৰী বিভাগৰ এটা সূত্ৰই সদৰী কৰা অনুসৰি হুইস্কীয়েই হৈছে অসমৰ প্ৰিয় সুৰা ২০২৪ত কেৱল গুৱাহাটীতে প্ৰায় ১ কোটি ৩৪ লাখ লিটাৰ হুইস্কী বিক্ৰী হৈছে৷ প্ৰায় ৯৪ লাখ বিয়েৰ গুৱাহাটীৰ ৰাইজে পান কৰিছে অৱশিষ্ট পৰিমাণ হৈছে দেশীয় সুৰাৰ৷ গতিকে অসমত কিমান সুৰা এবছৰত বিক্ৰী হ’ল সেয়া কিজানি আপোনালোকে সহজেই ধৰিব পাৰিছে তদুপৰি আবকাৰী বিভাগৰ সূত্ৰই এই পৰিসংখ্যা কেৱল নৱেম্বৰৰ শেষলৈ বুলিহে সদৰী কৰিছে অৰ্থাৎ ডিচেম্বৰৰ হিচাপে ইয়াত ধৰাই হোৱা নাই ১১ মাহতে কেৱল গুৱাহাটীতে বিক্ৰী হৈছে ২ কোটি ৪৪ লাখ লিটাৰ সুৰা অৰ্থাৎ পানীৰ সলনি যেন মদেইপান কৰিছে গুৱাহাটীৰ ৰাইজে

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email