বাৰীৰ বাঁহ নেবেচিব দেই

হেল্ল’ অসম সকলোৰে বাবে এটা ভাল খবৰ আপোনালোকৰ বাৰীত থকা বাঁহেৰেই নতুন বছৰত উৎপাদিত হ’ব ইন্ধন চাহৰ খেতিৰ দৰে বাঁহৰ খেতিৰেও এতিয়া আপুনিও হ’ব পাৰিব স্বাৱলম্বী এই বিষয়ে সদৰী কৰিছে NRLকৰ্তৃপক্ষই৷ ফিনলেণ্ডৰ দুটা কোম্পানী কম্প’লিচ আৰু ফ্ৰ’টামৰ সহযোগত নুমলীগড়ত স্থাপন কৰা আছাম বায়’ ইথানল প্ৰাইভেট লিমিটেড প্ৰজেক্টৰ কাম প্ৰায় ৯৫ শতাংশ সমাপ্ত হৈছে কিছুদিনৰ পূৰ্বে ইয়াৰ প্ৰাৰম্ভিক প্ৰস্তুতি কাম সমাপ্ত কৰি নমুনা প্ৰস্তুত কৰি সফল হৈছিল প্ৰতিষ্ঠানটো গতিকে প্ৰথমে কেঁচা মাল সংগ্ৰহৰ বাবে ১৭ খন জিলাক সামৰি লোৱা হ’ব নুমলীগড় ৰিফাইনেৰি কৰ্তৃপক্ষৰ এটা সঁজাতী দলে গেলেকীৰ গাৰুপৱন জইণ্ট ফৰেষ্টৰ যৌথ উদ্যোগত স্থাপন কৰা কমলাবাৰী বাঁহখেতি পৰিভ্ৰমণ কৰি এই তথ্য প্ৰকাশ কৰিছিল ৰিফাইনেৰী কৰ্তৃপক্ষই গেলেকীৰ কলগাঁৱত ইথানলৰ প্ৰস্তুতিৰ বাবে ব্যৱহৃত কেঁচা মালসমূহ তৈয়াৰ কৰিবৰ বাবে বেম্ব’ প্লাণ্টো স্থাপন কৰিব তেওঁলোকে গাঁৱৰ ৰাইঝৰ পৰা কিনিব বাঁহ অসমীয়াক আকৌ সাহ দিব বাঁহে

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email