আকাশৰ পৰা পাতালপৰ্যন্ত চকু ৰাখিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে৷ গংগাৰ বুকুত চলাই থকা হৈছে অত্যাধুনিক ড্ৰ’ন, AI কেমেৰাৰে সমগ্ৰ প্ৰয়াগৰাজ নিৰীক্ষণ কৰিছে প্ৰযুক্তিবিদৰ দলে কাৰণ এমহীয়া কাৰ্যক্ৰমেৰে ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ চহৰখনত চলিব হিন্দুধৰ্মৰ সবাতোকৈ পৱিত্ৰ পৰ্ব মহাকুম্ভ মেলা অসমত ভোগালীৰ বতৰতে প্ৰয়াগৰাজৰ গংগাঘাটত পিছে কুম্ভমেলাত জেহাদীৰ কূটাঘাতৰ ভয়ে নিদ্ৰাহৰণ কৰিছে প্ৰশাসনৰ এতেকে পৃথিৱীৰ সকলো অত্যাধুনিক প্ৰণালীৰ চহৰখনক দুৰ্গৰ দৰেই কৰি তোলা হৈছে৷ প্ৰাৰম্ভিক প্ৰস্তুতি হিচাপে প্ৰয়াগৰাজৰ ৯২ টা পথ আৰু ৩০ খন দলং ইতিমধ্যে নিৰ্মাণ কৰিছে প্ৰশাসনে কৃত্ৰিম বুদ্ধিমত্তা সম্পন্ন ২,৭০০ কেমেৰা চহৰখনত সংস্থাপন কৰা হৈছে সেইসমূহ নিয়ন্ত্ৰণৰ দায়িত্ব দিয়া হৈছে ৫৬ চাইবাৰ যোদ্ধাক৷ মুখ্য স্থলীক মহাকুম্ভ নগৰ হিচাপে ঘোষণা কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে৷ সেই স্থানটোক বিশাল ছত্ৰনগৰী হিচাপে গঢ়ি তোলা হৈছে ছাতিৰ দৰে বিশাল আকাৰৰ পকী নিৰ্মাণেৰে ঢাকি পেলোৱা হৈছে মহাকুম্ভ নগৰী তাতে আকৌ আছে মহাকুম্ভ গাঁও৷ ইয়াত অত্যাধুনিক টেণ্ট স্থাপন কৰিছে আই আৰ চি টি চিয়ে৷ ৪৫ দিনীয়া উৎসৱৰ গংগাস্নানৰ সময়ত যাতে কোনো অঘটন নঘটে তাৰ বাবে আণ্ডাৰৱাটাৰ ড্ৰ’নো আনিছে উত্তৰ প্ৰদেশ চৰকাৰে এইসমূহ পানীৰ ১০০ মিটাৰ গভীৰতাত চলি থাকিব৷ সংগম এলেকা এতিয়াৰ পৰা ঢাকি পেলাইছে নিৰাপত্তাৰক্ষীয়ে সৰ্বোপৰি যোগী আদিত্যনাথৰ চৰকাৰে প্ৰয়াগৰাজতে মোতায়েন কৰিছে ৫০ হাজাৰোধিক সুৰক্ষা কৰ্মী ৩৫০ অগ্নিনিৰ্বাপক বাহনো সাজু কৰি ৰখা হৈছে দুৰ্ঘটনা ৰোধ কৰিবলৈয়ো সুকীয়াকৈ প্ৰস্তুত কৰি ৰখা হৈছে এটা দল তেওঁলোকে থিতাতে যাতে বাহন আঁতৰাব পাৰে তাৰ বাবে ক্ৰেনৰ বন্দৱস্ত কৰা হৈছে ৪০ লক্ষাধিক লোকৰ সমাগমৰ অৰ্থে প্ৰস্তুতি ইতিমধ্যে চৰকাৰে সম্পূৰ্ণ কৰিছে কুম্ভমেলাৰ দৰ্শনাৰ্থীক চিকিৎসাৰ বাবে স্থাপন কৰা হৈছে ভীষ্ম কিউব ইয়াত একেলগে চিকিৎসা গ্ৰহণ কৰিব পাৰিব ২ শতাধিকে৷