জনজাতীয় খাদ্য নে কেৱল বেপাৰ?

অসমৰ জনজাতীয় লোকে কেৱল মদ আৰু গাহৰি মাংসহে খাই নেকি? অসমৰ ট্ৰাইবেল জনতাৰ বেলেগ আহাৰ নায়েই নেকি? ৰাজ্যত চলি থকা বিভিন্ন মেলালৈ গ’লে তেনে অনুভৱেই হ’ব কাৰণ জনজাতীয় খাদ্যৰ নামত সৰ্বত্ৰ পতা হৈছে মদ আৰু গাহৰি মাংসৰ বেপাৰ গ্ৰন্থমেলাৰ পৰা বাণিজ্য মেলালৈ সৰ্বত্ৰ চকুতে থাকে এখন বিশেষ বিপণী যিখনৰ পোছাকী নাম জনজাতীয় খাদ্য বিপণী৷ কিন্তু সেই দোকানখনত একমাত্ৰ উপলব্ধ হয় মদ আৰু গাহৰি মাংস খৰিকাত দিয়া গাহৰি মাংস ৪ টুকুৰা ১০০ টকাত বিক্ৰী কৰে দোকানীয়ে৷ সেইবোৰেই গ্ৰাহকক মদৰ সৈতে খুওৱা হয় আধা পোৰা মাংস স্থানীয় সুৰাৰ সৈতে বিক্ৰী কৰা দোকানীৰ আকৌ জনজাতীয় লোকৰ সৈতে কোনো সম্পৰ্কই নাই৷ তেওঁলোকে ধন ঘটাৰ বাবেহে জনজাতীয় শব্দটো ব্যৱহাৰ কৰে ৰাজ্যৰ প্ৰতিখন মেলতে জনজাতীয় খাদ্য বিপণীৰ নামতে চলি আছে এই ভণ্ডামী ট্ৰাইবেল জনতাই যেন আন একোৱেই খাব নাজানে তেনে এটা ধাৰণাই দিবলৈ বিচৰা হৈছে এচাম লোকৰ এই বজৰুৱা উদ্দেশ্যই অপমানিত কৰিছে ৰাজ্যৰ ট্ৰাইবেল সমাজক৷ কিন্তু তথাপি কাকো সাৱধান কৰা নাই ৰাজ্যৰ বিদ্বৎ মহলে

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email