বছৰৰ পহিলা দিনটোত দুটা মন শাঁত পৰি যোৱা খবৰ শুনক, কুলু কুলু সোঁতেৰে বৈ যোৱা ভৰলী নদীৰ কাষৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত বৃদ্ধি পাইছে দেওহাঁহৰ সংখ্যা অৱলুপ্তিৰ দিশলৈ আগবঢ়া এইবিধ পক্ষী পূৰ্বে কেবাঠাইতো পোৱা গৈছিল পিছে কালক্ৰমত দিহিং-পাটকাই আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানতহে কিছুসংখ্যক দেওহাঁহৰ অস্তিত্ব বৰ্তি থাকিল তাৰ পিছত দেওহাঁহৰ সংৰক্ষণৰ বাবে নামেৰীত আৰম্ভ কৰা হৈছিল প্ৰকল্প তদানুসৰি দেওহাঁহৰ বাবে উপযোগী হোৱাকৈ তিনিখন বিল আঁচনিৰ অধীনত সাজু কৰা হয় এই তিনিখন বিলৰ ভিতৰত দুখনলৈ দেওহাঁহৰ যথেষ্ট পৰিমাণে আগমন ঘটে ফলত এইবিধ ৰহস্যময় পক্ষীৰ বংশবৃদ্ধিও আশানুৰূপভাৱে হ’বলৈ ধৰিছে একেদৰে আকৌ মাজুলীত বাঢ়িছে বনৰীয়া ঘোঁৰাৰ সংখ্যা৷ বহুবছৰ পূৰ্বে মাজুলীৰে চুমৈমাৰী গাঁৱৰ লীলাকান্ত পেগুৱে হাবিত এৰি দিয়া ৪০টা ঘোঁৰাৰ সংখ্যা ৬০০লৈ বৃদ্ধি হৈছে৷ মাজুলীৰ বেঙেনাআটি সত্ৰৰ সমীপৰ মিলন চাপৰিত ঘোঁৰাৰ বৰ্ধিত সংখ্যাই আহ্লাদিত কৰিছে ৰাইজক৷ ডিব্ৰু-ছৈখোৱাৰ পিছত মাজুলীত বাঢ়িছে ঘোঁৰাৰ সংখ্যা৷