কোনখন দেশত নিষিদ্ধ হ’ল খিৰিকী

মহিলা থকা ঘৰত খিৰিকী নিষিদ্ধ কৰিলে তালিবানে নৱনিৰ্মিত ঘৰতো খিৰিকী সজা বন্ধ কৰিবলৈ কঠোৰভাৱে নিৰ্দেশ দিছে আফগানিস্তানৰ মৌলবাদী শাসকে পথাচাৰীয়ে যাতে ঘৰত থকা অৱস্থাত কোনো মহিলাক নেদেখে তাৰ বাবে কঠোৰ হুলিয়া জাৰি কৰিছে তালিবানে নতুন ঘোষণা অনুসৰি মহিলা বাসিন্দা থকা কোনো ঘৰতে খিৰিকী থাকিব নোৱাৰিব পাঠান নাৰীক ঘৰত দেখিলে পুৰুষৰ কামভাব জন্মিব পাৰে বুলি তালিবানে সন্দেহ কৰিছে সেয়ে নিষিদ্ধ কৰা হৈছে খিৰিকী কোনো মহিলা যাতে পাকঘৰ অথবা কুঁৱা পাৰত থকা সময়তো দৃশ্যমান নহয় তাৰ ব্যৱস্থা কৰিবলৈয়ো নিৰ্দেশ দিয়া হৈছে তালিবানৰ মুখপাত্ৰ জাবিউল্লা মুজাহিদে তাৎক্ষণিকভাৱে নিষিদ্ধ কৰিছে খিৰিকী নিৰ্মাণ মহিলাক পৰ পুৰুষে দেখাটো ইছলামিক নিয়ম নহয় বুলিও তেওঁ ঘোষণা কৰিছে সৰ্বোপৰি আফগান নাৰীকুলে চাকৰি কৰাটোও তালিবানে বন্ধ কৰিলে৷ বৰ্তমান বিভিন্ন আন্ত:ৰাষ্ট্ৰীয় আৰু ঘৰুৱা NGOৰ অধীনত দেশখনৰ মহিলাই কাম কৰি আছে৷ পিছে তেওঁলোকে চাকৰিৰ বাবে ধৰ্মীয় নিয়ম পালন নকৰে বুলি তালিবান শাসকে অভিহিত কৰিছিল৷ বোৰ্খা নিপিন্ধাকৈ মহিলাই কাম কৰাৰ বাবে প্ৰৱৰ্তিত হৈছে নতুন বিধি৷ তদানুসৰি এতিয়াৰ পৰা NGOৰ অধীনত কোনো নাৰীয়ে চাকৰি কৰিব নোৱাৰিব৷ নিয়ম ভংগ কৰিলেই তেওঁলোকক শ্বৰিয়তৰ অধীনত দিয়া হ’ব শাস্তি৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email