এতিয়া ৰাইজক ঈশ্বৰেহে বচাব লাগিব আৰু…

মাজনিশা ঈশ্বৰে বচালেহে বচোৱা আৰু… ঈশ্বৰে নবচালে নিশাখন মাজুলীয়ালক বচাবলৈ আৰু কোনো নাই কাহিনীটো শুনক, যোৱা ১২ ডিচেম্বৰৰ পৰা ৯ মাহৰ মূৰত মাজুলীৰ অফলামুখ-নিমাতীৰ মাজত পুনৰ আৰম্ভ হৈছিল নৈশ ফেৰী সেৱা কিন্তু অলপতেনিশাৰ পেৰী বন্ধ ঘোষণা কৰিছে অভ্যন্তৰীণ জল পৰিবহণ বিভাগে নতুন সংযোজন হিচাপে যোৱা ১০ মাৰ্চত অফলামুখ-নিমাতীৰ মাজত আৰম্ভ হৈছিল নৈশ ফেৰী সেৱা তেতিয়া মন্ত্ৰী যোগেন মহনে মাজুলীৰ অফলামুখ আৰু নিমাতীৰ মাজত নিশা ফেৰী সেৱা মুকলি কৰিছিল এম ভি জাহ্নৱী নামৰ নৈশ ফেৰীখন উদ্বোধনৰ ঘোষণা কৰিছিল মহনে কিন্তু তাৰ পিছত লোকসভা নিৰ্বাচনৰ সময়তে এমাহমান চলিয়েই নৈশ সেৱা বন্ধ হৈ গ’ল পুনৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ১২ ডিচেম্বৰৰ পৰা এম ভি জাহ্নৱী আকৌ চলিল সন্ধ্যা ৫ বজাত ফেৰীখন নিমাতীৰ পৰা অফলামুখ ঘাটলৈ আৰু আকৌ অফলামুখৰ পৰা সন্ধ্যা ৭ বজাত নিমাতীলৈ চলিছিল ফলত সকাহ পাইছিল ৰাইজে চিকিৎসাৰ বাবে যোৰহাটলৈ যোৱা মাজুলীয়ালে হোটেলত থকাৰ সলনি উভতিবলৈ সুবিধা পাইছিল কিন্তু ১৬ দিন চলাচল কৰাৰ পিছতেই পুনৰ এম ভি জাহ্নৱীৰ চলাচল বন্ধ হৈ গ’ল বিভাগীয়ভাৱে প্ৰকাশ কৰা অনুসৰি ৰোড মেপিং আপডেটৰ বাবে উক্ত ফেৰী সেৱা অনিৰ্দিষ্টকাললৈ বন্ধ কৰা হৈছে কিন্তু এই কাণ্ডৰ পুনৰাবৃত্তি মাজুলীয়ালৰ বাবে হৈ পৰিছে ৰহস্যময়

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email