নেতা আৰু ক্ৰিকেটাৰে কেতিয়াও সময়মতে অৱসৰ নলয়৷ বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ প্ৰদৰ্শনে এয়াই স্পষ্ট কৰিছে৷ ৰাজনৈতিক নেতা নমৰালৈ ক্ষমতাত থাকিবলৈ বিচাৰে৷ ক্ৰিকেটাৰেও হাত-ভৰি জঠৰ হৈ নপৰালৈ খেলিয়েই থাকিবলৈ বিচাৰে৷ তেওঁলোকে কেতিয়াও নিজ ইচ্ছাত অৱসৰ গ্ৰহণ নকৰে৷ MCGত মহাবিপদৰ পিছত যশপ্ৰীত বুমৰাই ৫টা উইকেট লৈ অষ্ট্ৰেলিয়াৰ কঁকাল ভাঙি দিছিল৷ ফাইফাৰ হৈ বুমৰাই দলক আকৌ বিজয়ৰ ট্ৰেকলৈ আগুৱাই নিছিল৷ কিন্তু বলাৰে ঠিকেই কাম কৰিলে৷ পিছে বেটছমেনে পুনৰাই ডুবাই দিলে টীম ইণ্ডিয়াক৷ ৪০টা বল খেলি ৰোহিত শৰ্মাই কৰিলে মাত্ৰ ৯ ৰান৷ বিৰাট কোহলিয়েও ২৯টা বল কোনোমতে খেলি ৫ ৰানতে আউট হ’ল দুয়োজন অভিজ্ঞ খেলুৱৈয়ে অষ্ট্ৰেলিয়াৰ পেচাৰৰ সন্মুখীন হ’বলৈ ভয়েই কৰিলে ফলত আকৌ MCGতো হাৰিল ভাৰত৷ যোৱা ৩২ বছৰৰ ভিতৰত দুৰ্বল বেটিং লাইন-আপে ভাৰতক হৰুৱালে তথাপি পিছে অৱসৰ গ্ৰহণৰ ইংগিত দিয়া নাই বিৰাট আৰু ৰোহিতে৷ তেওঁলোকেও ৰাজনৈতিক নেতাৰ দৰে দলত আসন খামুচি ধৰি আছে