নৰেন্দ্ৰ মোদীৰ নিয়ন্ত্ৰণৰ পৰা ওলাই গ’ল বিজেপি৷ বিজেপিত
আৰম্ভ হ’ল যোগী আদিত্যনাথৰ যুগ জিভা পিছলি অমিত শ্বাহে আৰম্ভ কৰা আম্বেদকাৰ আখ্যানে পলিচী সলনি কৰিবলৈ বাধ্য কৰাইছে বিজেপিক৷ কেইদিনমান আগলৈ বসুন্ধৰা ৰাজে সিন্ধিয়া আৰু সঞ্জয় যোশীৰ পদাভিষেকৰ দাবীত আঁকোৰগোজ হৈ থকা আৰ এছ এছেও বৰ্তমান বিচাৰিছে দলিত নেতা৷ মুঠৰ ওপৰত বিজেপিৰ সদস্য পদত এজন নিম্নবৰ্গ নেতা অধিষ্ঠিত হোৱাটো হৈ পৰিছে নিশ্চিত৷ বিজেপি যে দলিত বিৰোধী নহয়, সেয়া প্ৰতিপন্ন কৰিবলৈ সন্ধান কৰা হৈছে এজন বিশেষ নেতা৷ বিশেষকৈ কংগ্ৰেছে দলিত সভাপতি মল্লিকাৰ্জুন খাৰ্গেক আগবঢ়াই দিয়াৰ বাবে আৰ এছ এছেও বিচাৰিছে নিম্নবৰ্গৰ অধ্যক্ষ৷ সেয়ে জে পি নড্ডাৰ স্থানত এজন দলিত নেতা বিজেপিৰ সভাপতি হোৱাটো নিশ্চিত হৈছে৷ শেহতীয়া খবৰ মতে কেন্দ্ৰীয় আইনমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল হৈছে দলটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষ পদৰ ফ্ৰণ্টৰানাৰ৷ তেওঁৰ দলিত পৰিচয় বিজেপিৰ বাবে লাভজনক হ’ব বুলি আৰ এছ এছো পতিয়ন গৈছে৷ অৱশ্যে জে পি নড্ডাৰ উত্তৰাধিকাৰীৰ দৌৰত নাম উত্থাপিত হৈছে বৰ্তমানৰ ৰাষ্ট্ৰীয় সাধাৰ সম্পাদক দুষ্যন্ত গৌতমৰ নামো৷ দলিত নেতাজনকো সংঘই আগবঢ়াই দিছে৷ কিন্তু আৰ এছ এছৰ প্ৰথম পছন্দ হৈছে যোগী আদিত্যনাথৰ কেবিনেট সতীৰ্থ বেবী ৰাণী মৌৰ্য৷ কঠোৰ হিন্দুত্ববাদী হিচাপে জনাজাত দলিত নেত্ৰীগৰাকী বৰ্তমান উত্তৰ প্ৰদেশৰ মহিলা সবলীকৰণ-শিশু উন্নয়ন আৰু পৰিপুষ্টি দপ্তৰৰ মন্ত্ৰী৷ তেওঁ যোগী আদিত্যনাথৰো ঘনিষ্ঠ সেইসূত্ৰে সংঘৰ সৈতে বেবী ৰাণী মৌৰ্যৰ আছে সম্পৰ্ক৷ বিজেপিৰ নতুন অধ্যক্ষ নিজৰ পছন্দত অধিষ্ঠিত কৰোৱাৰ বাবে দৃঢ়প্ৰতিজ্ঞ আৰ এছ এছে দলিত পৰিচয়ৰ বাবে মৌৰ্যক দিছে সম্পূৰ্ণ সমৰ্থন৷