দেৱদূতৰ ৰূপত মুছলমান জনতা

মুছলমানে আশ্ৰয় দান কৰিছে হিন্দু পৰ্যটকক হিল ষ্টেশ্য়নত হিন্দু পৰ্যটকৰ আশ্ৰয়দাতা হৈ পৰিছে মুছলমান সমাজ মানৱীয়তাৰ সুন্দৰ নিদৰ্শন প্ৰদৰ্শন কৰি তেওঁলোকে আশ্ৰয়হীনৰ বাবে খুলি দিছে মছজিদৰ দুৱাৰ অতিপাত শীতপ্ৰবাহৰ সময়ত ধৰ্মীয় স্থানেই হৈ পৰিছে পৰ্যটকৰ আৱাস দেশৰ সকলো হিল ষ্টেশ্যনতে তুষাৰপাতৰ পৰিণতিত ভ্ৰমণকাৰী আবদ্ধ হৈ পৰিছে৷ শ্ৰীনগৰৰ পৰা বৰ্তমান প্ৰতিকূল বতৰৰ বাবে বিমান চলাচল বন্ধ ৰাখিবলগীয়া হৈছে৷ ফলত নিৰ্ধাৰিত সময়ত হোটেল ত্যাগ কৰা পৰ্যটকে ভিৰ কৰিছে মছজিদত অৱশ্যে স্থানীয় লোকে নিৰাশ কৰা নাই দূৰণিৰ আলহীক৷ জম্মু-কাশ্মীৰৰ প্ৰতিটো মছজিদতে সম্প্ৰতি হাজাৰোধিক পৰ্যটকে ভিৰ কৰিছে শীতপ্ৰবাহৰ ফলত বিপদত পৰা অতিথিৰ বাবে মছজিদৰ দুৱাৰ খুলি দিছে স্থানীয় ইছলাম ধৰ্মীয়ে বিশেষকৈ শ্ৰীনগৰ-সোণমাৰ্গ পথ বৰফে ঢাকি ধৰাৰ বাবে ৰুদ্ধ হৈ পৰিছে যাতায়াত বৰফ নকমালৈ সেই পথেৰে যাত্ৰাও অসম্ভৱ হৈ পৰিছে বৰ্তমান সেয়ে সকলো মছজিদৰ দুৱাৰ পৰ্যটকৰ বাবে খুলি দিয়া হৈছে৷ গাড়ীতে আবদ্ধ হৈ পৰা লোকক মছজিদত শোৱাৰ ব্যৱস্থা কৰি দিছে ৰাইজে৷ গণ্ড এলেকাত মছজিদেই হৈ পৰিছে পৰ্যটকৰ সাময়িক আশ্ৰয় ভিৰৰ বাবে উক্ত এলেকাৰ সকলো হোটেল ভৰ্তি হোৱাৰ পিছত স্থানীয় ৰাইজে পৰ্যটকলৈ আগবঢ়াইছে সহায়ৰ হাত আতুৰৰ সময়ত কাশ্মীৰি মুছলমান পৰ্যটকৰ বাবে দেৱদূতৰ দৰেই হৈ পৰিছে

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email