জুবিনৰ সৈতে কি সম্পৰ্ক

অতুল বৰাই কেতিয়াবাই দাড়ি খুৰালে৷ বৰষাৰাণীয়েও বিহু নাচিলে জুবিনেও দাড়ি খুৰালে৷ কথাবোৰ আমি এটা বিশেষ কাৰণতহে কৈছোঁ৷ দিছপুৰ সমষ্টিৰ বিজেপি বিধায়ক অতুল বৰা অসম আন্দোলনৰ পিছত অগপৰ পৰা টিকটত MLA হৈছিল৷ তেতিয়া তেওঁ প্ৰতিজ্ঞা কৰিছিল- গুৱাহাটীৰ মাজৰ পৰা ৰে’ললাইন উঠাই দিব নোৱাৰালৈ মই দাড়ি নাকাটো৷ শপত অনুসৰিয়েই বহুদিনলৈ দাড়িয়ে-গোফে ভোবোকাৰ হৈ আছিল অতুল বৰা৷ কিন্তু এদিন সন্ধিয়া চানমাৰিৰ চেলুনত সোমাই মনে মনে তেওঁ দাড়ি খুৰাই পেলালে৷ কা আন্দোলনৰ সময়ত বৰষাৰাণী বিষয়ায়ো প্ৰতিজ্ঞা কৰিছিল- মই আৰু বিহু নানাচোঁ সেই বৰষাৰাণীয়েই ঘূৰি ব’হাগতে টাকুৰী ঘূৰাদি ঘূৰি বিহু নাচিলে একেটা আন্দোলনতে জুবিনেও ঘোষণা কৰিছিল দাড়ি নকটাৰ৷ অসমৰ পৰা কা প্ৰত্যাহাৰ নকৰালৈ দাড়ি নাকাটো বুলি কৰা ৰাজহুৱা প্ৰতিজ্ঞা কিন্তু জুবিনেও ৰাখিব নোৱাৰিলে৷ এই কথাখিনি প্ৰাসংগিক হৈ পৰিছে এজন বিজেপি নেতাৰ বাবে৷ তেওঁ হৈছে কে আন্নামলাই৷ তেওঁ আকৌ বিজেপিৰ উলা-মুলা কৰ্মীও নহয়৷ আন্নামলাই হৈছে তামিলনাডু প্ৰদেশ কমিটীৰ সভাপতি কে আন্নামলাই৷ বিজেপি নেতাজনে ২০২৬ চনৰ নিৰ্বাচনত তামিলনাডুৰ শাসকীয় DMKক হৰুওৱাৰ প্ৰতিজ্ঞা কৰিছিল৷ গতিকে তেওঁ তামিল পৰম্পৰা অনুসৰি ইতিমধ্য়ে শপত গ্ৰহণ কৰিছে৷ কেৱল এখন লুঙী পিন্ধি উদং শৰীৰেৰে আন্নামলায়ে চাবুকেৰে নিজৰ পিঠিত গণি গণি ৬ কোব মাৰিছে৷ DMKক শাসনৰ পৰা আঁতৰ কৰিব নোৱাৰালৈ চেণ্ডেল নিপিন্ধাৰো শপত খাইছে নেতাজনে৷ প্ৰতিজ্ঞা অনুসৰি তেওঁ ৪৮ দিনলৈ কোনো আহাৰ মুখত নিদিয়ে৷ এমাহ ১৮ দিন সম্পূৰ্ণ লঘোণে থাকিব বিজেপি নেতাজন৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email