আজমলে কান্দিছে নিজৰ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ কৃতিত্বত গৌৰৱান্বিত হৈ চকুলো টুকিছে আজমলে তথাপি কিন্তু উন্নতিৰ লক্ষণ নাই আজমলৰ সংখ্যালঘুৰ ৰাজনীতিত ধূলিস্যাৎ হৈ গ’ল বদৰুদ্দিন আজমল দুই দশক ৰাজ্যত মিঞা ৰাজনীতিত দপদপাই থকা আজমল শেষ হৈ গ’ল ২০২৪ৰ শেষত নিশ্চিত হ’ল অসমৰ ৰাজনীতিত আজমলৰ পতন ধুবুৰীত ১০ লাখ ভোটত পৰাভূত হোৱা আজমলে যে ভৱিষ্যতে মূৰ দাঙিব পাৰিব তাৰো এতিয়া নিশ্চিতি নাই চাচা আজমলক ভোট দিবলৈ পূৰ্বে চেণ্ডেল খুলি বুথত সোমাইছিল ধুবুৰীৰ ভোটাৰ কিন্তু এতিয়া তেওঁলোকৰ বাবে চাচা হৈছে ঘোৰ শত্ৰু ধৰ্মনিৰপেক্ষ চিনাকি অটুট ৰাখিবলৈ বৰ্তমানো আজমলে অব্যাহত ৰাখিছে চেষ্টা বাংলাদেশত হিন্দু নিৰ্যাতনৰ বিৰোধিতাৰে তেওঁ উচ্চায়ুক্তলৈ পত্ৰও প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিলৈ চিঠি লিখাৰ পিছত আজমলে জমিয়ত উলেমাৰ সভাপতি হিচাপে বাংলাদেশী হিন্দুৰ সুৰক্ষাৰ আহ্বান জনাইছে পিছে ইমানৰ পিছতো আজমল অধ্যায়ৰ অৱসান হৈ পৰিছে নিশ্চিত বিজেপিৰ এজেণ্টৰ কলংকৰে বিভূষিত হোৱা নেতাজনৰ বাবে বৰ্তমান নাই ইছ্যু৷ অনাগত সময়ত নিৰ্বাচনী ফিল্ডত নামিলেই আকৌ চাচাজানক বিৰোধীয়ে উভতি ধৰাটো খাটাং ধুবুৰীত বিজেপিৰ এজেণ্ট বুলি আজমলক চিনাকি কৰাই দিয়াত সফলতাৰ পিছত বিৰোধীয়ে তেওঁক দিছে খেদা গতিকে ২০২৪ত যৱনিকা পৰিল আজমল অধ্যায়ৰ৷ আজমল শেষ হৈ গ’ল