এইবেলি কেৱল পনীৰৰ পাৰ্টী

কেৱল পনীৰেৰে চলিব থাৰ্টী ফাৰ্ষ্টৰ খানা মাছ-মাংসৰ বিক্ৰী কমিব কাৰণ কাইলৈ মঙলবাৰ বৰ আহুকলীয়া বাৰ এটাত পৰিল বছৰৰ অন্তিমটো দিন৷ মঙলবাৰ হোৱাৰ বাবে থাৰ্টী ফাৰ্ষ্টৰ খানা নিৰামিষ কৰিবলগীয়া হৈছে বহু লোকে৷ ৰাজ্যৰ প্ৰায় ২০ লাখ লোক কৃষ্ণগুৰুৰ শিষ্য়৷ এইসকল লোকে মঙলবাৰে পিঁয়াজো বৰ্জন কৰে তেওঁলোকে প্ৰতিটো মঙলবাৰে খাই বিশুদ্ধ নিৰামিষ আহাৰ এতেকে তেওঁলোকে এইবাৰ নৱবৰ্ষ নিৰামিষ খায়েই পালন কৰিব তদুপৰি বিভিন্ন ধৰ্মীয় কাৰণত আমিষভোজীয়ে মঙলবাৰে নিৰামিষ আহাৰ খায় জ্যোতিষীৰ পৰামৰ্শ অনুযায়ীও মঙলবাৰে নিৰামিষ আহাৰ খোৱা লোকৰ সংখ্যা ২০ লাখৰ কম নহয় অৰ্থাৎ সকলো মিলাই ৰাজ্যৰ মুঠ জনসংখ্যাৰ ২০ শতাংশই কাইলৈ আমিষ ভোজন নকৰে এইবেলি থাৰ্টী ফাৰ্ষ্টত সেয়ে কমিব ছাগলী অথবা কুকুৰা মাংসৰ বিক্ৰী৷ কিন্তু পনীৰৰ বিক্ৰী যে বাঢ়িব সেইটোও খাটাং বহুতে প্ৰকাশ কৰা অনুসৰি গ্ৰহদোষ-কালদোষ খণ্ডনৰ বাবে তেওঁলোকে জ্যোতিষীৰ পৰামৰ্শ অনুসৰি মঙলবাৰে মাছ-মাংস নাখায় কাইলৈ সেইসকলেও পালিব নিৰামিষ থাৰ্টী ফাৰ্ষ্ট গতিকে আনবছৰৰ তুলনাত এইবাৰ মাছ-মাংস বিক্ৰী হ্ৰাস পোৱাটো অনিবাৰ্য

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial