MCGত ক্ৰিকেটৰ দেৱতা

ক্ৰিকেট জানো কেৱল খেল মুঠেই নহয় ক্ৰিকেট জীৱন দৰ্শন অৰণ্যৰ বাঘ-হৰিণাৰ খেলৰ দৰেই ক্ৰিকেট৷ ক্ৰিকেটে মানুহক জীয়াই থাকিবলৈ শিকায়৷ দুখৰ অৰণ্য অতিক্ৰম কৰি সুখৰ পাহাৰ বগাবলৈ শিকায় ক্ৰিকেটে সেই বাবেইটো MCGৰ গেলাৰীত ব্যাকুল হৈ কান্দিলে নীতিশ কুমাৰ ৰেড্ডী নামৰ যুৱকজনৰ দেউতাকে৷ পুত্ৰ নীতিশে যেতিয়া ক্ৰিকেট শিকিছিল তেতিয়া দেউতাকেও ভবা নাছিল সন্মুখৰ দুৰ্গম পথছোৱাৰ কথা-কিন্তু তেওঁ জানিছিল- ক্ৰিকেট উদাৰ৷ কিন্তু ক্ৰিকেট সেই ছলনাময়ী প্ৰেয়সীৰ দৰেওক্ৰিকেটাৰ যেতিয়া ফিল্ডত থাকে তেতিয়া স্কিল নহয়, নিৰ্ণায়ক হৈ উঠে নাৰ্ভ প্ৰমাণ হয়- কাৰ  স্নায়ুৰ তীখা কিমান নিৰ্ভেজাল!সেই নাৰ্ভৰ শক্তিয়েই দেখুৱাই সুদূৰ অষ্ট্ৰেলিয়াত দেউতাকৰ চকু সিক্ত কৰি পেলালে নীতিশ ৰেড্ডীয়েৰাজনীতিৰ নীতিশৰ দৰে তেওঁ থৰক-বৰক নহয়, বৰং স্থিৰ৷ সেয়াই প্ৰমাণিত কৰিলে কানাড়া যুৱক নীতিশেপ্ৰতিটো বলক যেনেকৈ নীতিশে আঘাত হানিছিল, সেয়া দেখি ক্ৰিকেট শাস্ত্ৰৰ অভিজ্ঞ পাঠকৰ মনত পৰিছিল ভি ভি এছ লক্ষ্মণলৈ৷ ইমান নিখুঁত আৰু ষ্টাইলিছ আছিল নীতিশৰ ক্ৰিকেটীয় ব্যাকৰণ শচীন তেণ্ডুলকাৰৰ শীতলতা নীতিশে কোন কাহানিবাই আয়ত্ত কৰিছেসেয়ে এডিলেইডৰ ইনিংছত আছিল শচীনময় সুগন্ধিক্ৰিকেটৰ ব্যাকৰণৰ আৰম্ভণিতে নীতিশে পঢ়িছিল বীৰেন্দ্ৰ সেৱাগ নামৰ সেই বিশেষ পাঠটো৷ এডিলেইডৰ সেউজ ফিল্ডত তাৰেই প্ৰয়োগ কৰি শতৰান সম্পূৰ্ণ কৰিবলৈ নীতিশে মাৰিলে এটা বিশেষ শ্বট লগে লগে কান্দিলে দেউতাকে৷ অশ্ৰুসিক্ত নয়নেৰে তেওঁ নিজকে ক’লে-  মোৰ লৰাটো ডাঙৰ হল অ’!ক্ৰিকেটৰ দেৱতাৰ আশীৰ্বাদ লভি নীতিশে এডিলেইডৰ বাউন্সী পিটচত খেলিলে ১১৪ ৰানৰ সোণালী ইনিংছঅষ্ট্ৰেলিয়াৰ হিমচেঁচা ৰজস্বলা সন্ধ্যাত নীতিশ অৱৰ্তীণ হল শচীন-লক্ষ্মণ-সেৱাগৰ একত্ৰিত ৰূপত৷ ফল’ অনৰ কুটিল হাত বাউলীক নস্যাৎ কৰি নীতেশ দেখুৱাই দিলে প্ৰকৃত জীৱনৰ খেলাযাৰ নাম ক্ৰিকেট

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email