তেল-চাহৰ পিছত অসমৰ পানীলৈয়ো লোভ

অসমৰ তেল নিলে, চাহপাত নিলে৷ এইবাৰ কেন্দ্ৰ সাজু হৈছে অসমৰ পানী নিবলৈ বহুদিনীয়া প্ৰস্তুতিৰ পিছত নদী সংযোগীকৰণ প্ৰকল্প ৰূপায়ণ কৰিবলৈ ওলাইছে দিল্লী ব্ৰহ্মপুত্ৰৰ পানী আন ৰাজ্যলৈ নিয়াৰ বাবে শীঘ্ৰে যে আঁচনি ঘোষণা কৰা হব সেয়াও হৈ পৰিছে নিশ্চিত ইতিমধ্যে মধ্যপ্ৰদেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিছে  নদী সংযোগীকৰণ প্ৰকল্প কেন আৰু বেতৱা নৈৰ সংযোগৰ আঁচনি মোদীয়ে উদ্বোধন কৰিছে ইয়াৰ পিছত অসমৰ জলসম্পদতো দিল্লীৰ শেনচকু পৰাৰ তথ্য উত্থাপিত হৈছে৷ অৱশ্যে অসমৰ নদীৰ পানী কাঢ়ি নিবলৈ পূৰ্বেও চৰকাৰে চেষ্টা চলাইছিল অটল বিহাৰী বাজপেয়ীৰ দিনতে সেইবাবেই ঘোষণা কৰা হৈছিল সংযোগীকৰণৰ প্ৰকল্প৷ কিন্তু উত্তৰ প্ৰদেশ অথবা পশ্চিমবংগৰ পানীৰ প্ৰয়োজন পূৰণ কৰিবলৈ দিল্লীয়ে ব্ৰহ্মপুত্ৰৰ সংযোগীকৰণ প্ৰায় নিশ্চিত কৰিছে হিন্দী হাৰ্টলেণ্ডৰ কৃষকৰ বাবে প্ৰয়োজনীয় পানী দক্ষিণ ভাৰতলৈ বোৱাই নিবলৈয়ো আৰম্ভ কৰা হৈছে উদ্যোগ বিগত সময়ত তামিলনাডু আৰু কৰ্ণাটকৰ মাজত কাবেৰী নদীৰ অধিকাৰক লৈ বিবাদ হৈছিল অনাগত সময়ত এনে সমস্যা দূৰ কৰিবলৈ সংযোগীকৰণৰ জৰিয়তে কেন্দ্ৰই ভিন্ন  স্থানলৈ ব্ৰহ্মপুত্ৰক বোৱাই নিব তেতিয়া অসমে নাপাব পানী কিন্তু ব্ৰহ্মপুত্ৰৰ পানীৰে জীপাল  হব দেশৰ আন প্ৰদেশ

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email