সম্পূৰ্ণ এবছৰ খোজ কাঢ়িব ৰাহুল গান্ধীয়ে নৱবৰ্ষৰ ২৬ জানুৱাৰীৰ পৰা কংগ্ৰেছৰ পদযাত্ৰা ২০২৬ৰ একেটা দিনলৈ অব্যাহত থাকিব সংবিধান বচাও নামৰ অনুষ্ঠানৰ বিষয়ে আজি দলটোৱে ঘোষণা কৰিছেতদানুসৰি নতুন বছৰৰ গণতন্ত্ৰ দিৱসত ৰাহুলে পদযাত্ৰাৰ পাতনি মেলিব ভাৰত জোড়ো যাত্ৰাৰে ৰাজনৈতিক সফলতা অৰ্জনৰ পিছত আত্মবিশ্বাসী হৈ পৰা নেতাজনে সংগীৰ সৈতে কাঢ়িব খোজতদুপৰি এবছৰজুৰি কংগ্ৰেছে জয় বাপু, জয় ভীম, জয় সন্মিলনো চলাই যাবৱৰ্কিং কমিটীৰ সিদ্ধান্ত অনুসৰি অহা বছৰৰ ফেব্ৰুৱাৰীৰ পৰা নৱেম্বৰলৈ দলটোৰ কোনো বৈঠক অনুষ্ঠিত নহয় ,অৰ্থাৎ ২০২৫ক সংগঠন বৰ্ষ হিচাপে কংগ্ৰেছে পালন কৰিব৷ তাৰ পিছতহে গুজৰাটত এ আই চি চিৰ সভা আয়োজন কৰা হব ৰাহুলে সংসদীয় দলৰ নেতা হিচাপে পদযাত্ৰাৰ নেতৃত্ব প্ৰদান কৰিব বুলিও ঘোষণা কৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে৷ তেওঁ সদৰী কৰা অনুসৰি এবছৰলৈ দলটোৰ সাংগঠনিক পৰ্ব অব্যাহত থাকিব৷ সমগ্ৰ বছৰটো সভাৰ পৰিৱৰ্তে জনতাৰ সৈতে সংযুক্ত হৈ থাকিব ৰাহুল গান্ধীভাৰত জোড়োৰ দৰেই তেওঁ কেবাখনো ৰাজ্য পদব্ৰজে ভ্ৰমণ কৰিব ৰাহুলক সংগ দিব সকলো শীৰ্ষ নেতাই৷ দলটোৰ প্ৰশাসনিক সাধাৰণ সম্পাদক কে চি বেণুগোপালেও পদযাত্ৰাৰ প্ৰথমটো পৰ্যায়ত অংশগ্ৰহণ কৰিব৷