হয় যদি আছে উন্নতিৰ যোগ

আপোনাৰ জন্মদিন কেতিয়া? যদি আজি আপোনাৰ জন্মদিন তেন্তে আপোনাৰ উন্নতি নিশ্চিত হয়, আমি সঁচাকৈ কৈছোঁ৷ জ্যোতিষ বিদ্যা মনা নমনা সকলোৰে ব্যক্তিগত পছন্দ কিন্তু এটা সংযোগে ভাবিবলৈ বাধ্য কৰাইছে- মাহৰ ২৮ তাৰিখটো সৌভাগ্যৰ দিন নেকি? এতিয়া আহক আমি উদাহৰণ দিওঁ৷ সৌসিদিনা শেষ নিশ্বাস ত্যাগ কৰা ৰতন টাটাৰ কথাই ভাবক৷ আমৃত্যু টাটা সাম্ৰাজ্যৰ অবিসম্বাদী সম্ৰাট হৈ থকা ৰতন টাটাৰ জন্ম হৈছিল ৯১৩৭ চনৰ ২৮ ডিচেম্বৰত৷ বছৰটো শেষ হ’বলৈ তিনিদিন বাকী থাকোতে টাটাই জন্মলাভ কৰিছিল৷ তাৰো ৫ বছৰৰ পূৰ্বে ২৮ ডিচেম্বৰত জন্ম হৈছিল ভাৰতীয় ব্যৱসায়িক সাম্ৰাজ্যৰ একালৰ অধিপতি ধীৰুভাই আম্বানিৰ৷ ১৯৩২ চনৰ ডিচেম্বৰ মাহৰ ২৮ নম্বৰ দিনটোত জন্মিছিল মুকেশ আম্বানিৰ পিতৃ৷ কেৱল ভাৰততে এই সংযোগটো সীমাবদ্ধ নহয়৷ ডিচেম্বৰত নহ’লেও বিল গেইটছৰো জন্ম হৈছিল ২৮ তাৰিখেই৷ তেওঁৰ জন্মদিন হৈছে ২৮ অক্টোবৰ৷ মাইক্ৰ’ছফটৰ প্ৰাক্তন CEOৰ বাবে ২৮ লাকী নম্বৰ৷ বিশ্বৰ বৰ্তমানৰ সবাতোকৈ চহকী উদ্যোগপতি এলন মাস্কৰ কথাও একেই৷ তেওঁৰ জন্ম হৈছিল জুন মাহৰ ২৮ তাৰিখে৷ অৰ্থাৎ বিশ্বৰ চিনাকি বিলিয়নিয়াৰ প্ৰায়কেইজনৰে জন্মদিন হৈছে মাহৰ ২৮ নম্বৰ দিনটো৷ কেৰিয়াৰত সফল হোৱা সকলোকেইজনেই বিশেষ তাৰিখটোত জন্মগ্ৰহণ কৰিছিল গতিকে ভাবকচোন এয়া স্বাভাৱিকনে কাকতালীয়!

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial