সোণোৱালক ধ্বংস কৰাৰ এজেণ্ট নেকি গোহাঁই?

সাৰ্বজনীন মঞ্চৰ উদ্দেশ্য কি? ৰাজেন গোহাঁইৰ লক্ষ্য কি? নগাঁৱৰ প্ৰাক্তন সাংসদজনে ইতিমধ্যে ভ্ৰমণ কৰিছে উজনি অসম প্ৰত্যেকখন জিলাতে ফোৰোহনি মাৰি নতুন দল গঠনৰ হুংকাৰ দিছে ৰাজেন গোহাঁয়ে ডিব্ৰুগড়তো হিন্দু ক্ৰান্তি দলৰ বিষয়ববীয়াৰ সৈতে মিলিত হৈ ন-পুৰণি বিজেপিৰ প্ৰসংগ ৰাজেন গোহাঁয়ে উত্থাপন কৰিছে কিন্তু ৰহস্যজনকভাৱে তেওঁ আনসকল নেতাৰ বিৰুদ্ধে যথেষ্ট নৰম বাৰম্বাৰ তেওঁ বিজেপিৰ নতুন নেতাসকলক কৰ্থনা কৰিছে, তথাপি বহুতৰে নাম মুখত লোৱা নাই ৰাজেন গোহাঁয়ে তাৰ বিপৰীতে ৰাজেন গোহাঁয়ে ককৰ্থনা কৰিছে সৰ্বানন্দ সোণোৱালক ৰাজেন গোহাঁইৰ মতে সৰ্বানন্দ সোণোৱালৰ শাসন কালত তেওঁ ভুৱা বলাৎকাৰৰ গোচৰত অভিযুক্ত হৈছিল গতিকে সোণোৱালৰ প্ৰতি তেওঁৰ সদ্ভাৱ নাই৷ পিছে এই যুক্তি কোনেও মানি ল’ব পৰা নাই সেয়ে ৰাজেন গোহাঁইৰ স্থিতি হৈ পৰিছে সন্দেহজনক বিশেষকৈ যোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বেও তেওঁ যিখন নাটক আৰম্ভ কৰিছিল এতিয়া সেইখনৰ দ্বিতীয় পৰ্ব চলিছে বুলিহে সন্দেহ কৰা হৈছে অভিযোগ অনুসৰি ব্যক্তিগত লাভৰ স্বাৰ্থত সৰ্বানন্দ সোণোৱালবিৰোধী অভিযানহে চলাইছে ৰাজেন গোহাঁয়ে সেয়ে তেওঁ নগাঁও বা মধ্য অসমৰ আন জিলাৰ পৰিৱৰ্তে উজনিত উপস্থিত হৈছে সোণোৱাল বধৰ বাবে ৰাজেন গোহাঁয়ে নতুন দলৰ অজুহাত প্ৰদৰ্শন কৰিছে৷ কিন্তু এই দলটোৰ কথা নতুন নহয় পুৰণি বিজেপি নেতা বাজপেয়ী ভৱনৰ পৰা বিতাড়িত হোৱাৰ সময়তে আৰম্ভ হৈছিল এই প্ৰক্ৰিয়া গতিকে ৰাজেন গোহাঁইৰ উদ্দেশ্য কি সেয়া কোনেও নুবুজাকৈ থকা নাই একমাত্ৰ সৰ্বানন্দ সোণোৱালৰ পতনৰ বাবেই যে তেওঁ আহিলা হৈ পৰিছে সেয়া বৰ্তমান বুজি পাইছে ৰাজনৈতিক পৰ্যৱেক্ষকে

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial