নাগালেণ্ডৰ সৈতে সীমা বিবাদৰ অন্তই পৰা নাই অসমৰ৷ মেৰাপানীত সীমা ঠেলি ঠেলি সোমাই আহিছে নগা৷ অসমৰ লোকৰ বাৰীৰ গছো কাটি নিছে নগাই৷ কিন্তু এতিযা পূৰ্বোত্তৰ ৰাজ্যসমূহৰ সীমা বিবাদো নিষ্পত্তি হোৱা বুলি অভিহিত কৰিছে অমিত শ্বাহে৷ নৰ্থ ইষ্ট কাউঞ্চিলৰ সভাত এই অদ্ভূত মন্তব্য কৰিছে অমিত শ্বাহে৷ আগৰতলাত অনুষ্ঠিত NECৰ বৈঠকত তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চল সম্প্ৰতি ড্ৰাগছ সৰবৰাহৰ ঘাটী হৈ পৰিছে৷ গতিকে সকলো মুখ্যমন্ত্ৰীয়ে অবৈধ আন্ত:দেশীয় বেপাৰ প্ৰতিহত কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰা উচিত৷ ৭২ সংখ্যক NEC সভাত অংশগ্ৰহণ কৰি ৮ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত তেওঁ কয় যে ড্ৰাগছৰ বেহা উত্তৰ-পূবৰ বাবে সবাতোকৈ ডাঙৰ সমস্যা হৈ পৰিছে৷ গতিকে এই প্ৰসংগত সকলো মুখ্যমন্ত্ৰীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিব লাগিব৷ তদুপৰি আজি কিন্তু তিনিখন নতুন দণ্ডবিধি আইনৰ সূচাৰু বলৱতৰ বাবেও অমিত শ্বাহে আহ্বান জনালে৷ এই প্ৰসংগত অহা ফেব্ৰুৱাৰীত সকলো মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত বহিব বুলিও তেওঁ কথা দিলে৷ ১০ বছৰত এইপৰ্যন্ত উত্তৰ-পূবৰ ১০,৫৭৪ উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰিছে বুলিও ব্যাখ্যা কৰে অমিত শ্বাহে৷ ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ উপস্থিতিত গৃহমন্ত্ৰীয়ে কয় যে অসম ৰাইফলছ, আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ জৰিয়তে বিস্তীৰ্ণ এলেকাত শান্তি বজাই ৰাখিব লাগিব৷ আনহাতে ত্ৰিপুৰাত ১০ হাজাৰোধিক সুৰক্ষাকৰ্মীৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত কেউখন ৰাজ্যৰে ৰাজ্যপালো উপস্তিত থাকে৷ আনহাতে বৈঠকত বাজেটৰ প্ৰসংগ উত্থাপন কৰিলে মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই৷ তেওঁ কয় যে কেন্দ্ৰই উত্তৰ-পূব বিশেষ আন্ত:গাঁথনি উন্নয়ন আঁচনি আৰু উত্তৰ-পূব আয়োগলৈ সমপৰিমাণৰ ধন আবণ্টন দিয়া উচিত৷ কিয়নো এই পৰিমাণে কৃষি, বাণিজ্য অথবা পৰ্যটনৰ উন্নতি কৰিব৷ আনহাতে বাংলাদেশ এনক্লেভ একচেঞ্জৰ বিষয়ে সদৰী কৰি গৃহমন্ত্ৰীয়ে পূৰ্বোত্তৰৰ বাণিজ্যিক সংযোগত গুৰুত্ব আৰোপ কৰিছে৷