এজনী মৌচুমীক মাৰি পেলালে কিন্তু ভাবকচোন, কেৱল গুৱাহাটীতে আৰু কিমান মৌচুমী আছে! দৰিদ্ৰতাই কোঙা কৰা এখন ঘৰৰ কন্যা আছিল মৌচুমী টিংখাঙৰ কপহুৱা গাঁৱৰ মাক নথকা ঘৰখনৰ পৰা ন-চাউদাং গাঁৱলৈ বিয়া হৈয়ো তেওঁ শান্তি নাপালে পতিৰ পিছত কন্যাকো হেৰুওৱা মৌচুমীয়ে কি বিচাৰিছিল? তেওঁ কিজানি বিচাৰিছিল এখন বিশ্বাসৰ হাত যি হাতত ধৰি পাহৰিব পাৰে বিষাদময় অতীত৷ এতিয়া বহুতে মৌচুমীৰ চৰিত্ৰহনন কৰিছে কিন্তু ভাবকচোন- সেইজনী মৌচুমীৰ কথা, যি পতিৰ পিছত কন্যাক হেৰুৱায়ো কান্দিব পৰা নাছিল গৰ্ভৰ সন্তান ব্ৰেইন টিউমাৰত আক্ৰান্ত হোৱাৰ পিছতো ধনৰ অভাৱত কৰিব পৰা নাছিল চিকিৎসা! প্ৰিয় দৰ্শক, মনত ৰাখিব মৌচুমী জন্মতেই গুৱাহাটীৰ মৌচুমী নাছিল কন্যাক এৰি পেটৰ দায়ত গুৱাহাটীত ভূপেনৰ সৈতে ভ্ৰমি ফুৰা মৌচুমী কিন্তু এইখন বিষাক্ত সময়ৰে সৃষ্টি আপুনি নাভাবিব এইখন বিধ্বস্ত সমাজত নিজে কুশলে থাকিম বুলি আজি মৌচুমী মৰিছে, কাইলৈ কিন্তু বিষাক্ত সমাজৰ বন্দীশালত আবদ্ধ হ’ব আপোনাৰে প্ৰিয় আত্মীয় অনুগ্ৰহ কৰি মৌচুমীৰ চৰিত্ৰহনন নকৰিব সময়ে শিল হ’বলৈ শিকোৱা প্ৰজন্মটোক সাহস দিয়ক কিমান আঘাত সহি মৌচুমী হ’ব পাৰি তাৰো বুজ লওক!