আহি আছে সুখবৰ

কৰৰ অত্যধিক বোজাৰ বাবে মধ্যবিত্ত ভাৰতীয়ৰ মনত সৃষ্ট বিতৃষ্ণাৰ উমান পাইছে নৰেন্দ্ৰ মোদীয়ে৷ সেয়ে সমাগত বাজেটত আয়কৰৰ হাৰ হ্ৰাস কৰিবলৈ আৰম্ভ কৰা হৈছে প্ৰস্তুতি প্ৰধানত: মধ্যবিত্ত নাগৰিকে যাতে সকাহ পায়, তাৰ বাবে শক্তিশালী ঘোষণা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক বিশ্বস্ত সূত্ৰই সদৰী কৰা তথ্যানুসৰি সমাগত বাজেটত কৰ্তন কৰা হ’ব ব্যক্তিগত আয়কৰ৷ বিশেষকৈ বছৰি ১৫ লাখৰ ভিতৰত ধন উপাৰ্জন কৰা ভাৰতীয়ক ৰেহাই দিয়া হ’ব বৰ্তমানৰ নিয়ম অনুসৰি বছৰি ১০ লাখ টকা ঘটা লোকেও ৩০ শতাংশপৰ্যন্ত কৰ আদায় দিছে কিন্তু বৰ্ধিত বোজাৰ বাবে সৰ্বত্ৰ ইতিমধ্যে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া পৰিপ্ৰেক্ষিতত নিৰ্মলা সীতাৰমণে পহিলা ফেব্ৰুৱাৰীত সদনত দাখিল কৰিবলৈ ওলোৱা বাজেটত আয়কৰৰ গাঁথনি সলনিৰ দিহা নিশ্চিত কৰিছে খবৰ অনুসৰি নতুন কৰনীতিতো এইবাৰ যথেষ্ট সংশোধন কৰা হ’ব বিশেষকৈ চহৰনিৱাসী কৰদাতাই যাতে জীৱন ধাৰণৰ বৰ্ধিত খৰচৰ পৰা ৰেহাই পায় তাৰ বাবে সতৰ্ক হৈছে চৰকাৰ৷ অৱশ্যে এই সন্দৰ্ভত চৰকাৰে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলিহে সূত্ৰটোৱে প্ৰকাশ কৰিছে৷ এই নিশ্চিত খবৰ প্ৰদান কৰি সূত্ৰটোৱে ঘোষণা কৰিছে নিৰ্মলা সীতাৰমণৰ পৰাজয় কৰ কমাবলৈ যে বিত্তমন্ত্ৰী বাধ্য হৈছে সেয়াও নিশ্চিত কৰিছে সূত্ৰটোৱে

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial