মিঞাৰ খেতিও ধ্বংস হৈছে গতিকে ৰাজ্যত অনিবাৰ্য হৈ পৰিছে অভাৱ৷ চাহিদা অনুপাতে বজাৰলৈ সামগ্ৰী যোগান হ্ৰাসৰ ফলত নিশ্চিত হৈছে দাম বৃদ্ধি বিশেষকৈ নামনিৰ পথাৰত অচিনাকি কীটৰ তাণ্ডৱে ধ্বংস কৰিছে হাজাৰ বিজাৰ মাটিৰ খেতি পূব গোৱালপাৰাৰ মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সুতাৰপাৰা, গাৰোমাৰী, কঁঠালবাৰী আদি এলেকাৰ ৮০ শতাংশই লোকেই কৃষিজীৱী তেওঁলোকে পূৰ্বৰ দৰেই এইবাৰে বান শুকুৱাৰ পিছতে কৰিছিল খেতি মাটিমাহ, জলকীয়া আৰু বিবিধ শাক-পাচলিৰ খেতিৰে ভৰি পৰিছিল গোৱালপাৰাৰ মিঞা পিছে শীতকাল আৰম্ভ হোৱাৰ লগে লগেই কবি খেতিৰ গা-গছ হালধীয়া হৈ গৈছে মৰহি যোৱা গছ শ শ বিঘা কবি খেতিত লাগিছে অচিন বেমাৰ৷ কবিবোৰ পূৰঠ হোৱাৰ সময়ত শ শ বিঘাৰ মাটিৰ খেতি এফালৰ পৰা ধ্বংস হৈছে ফলত ধন খৰচ কৰি কৰা খেতিৰ উৎপাদন গৰুকহে খুৱাবলগীয়া হৈছে মিঞা খেতিয়কে আনহাতে স্থানীয় অপ্ৰশিক্ষিত সাৰ আৰু বীজ ব্যৱসায়ী একাংশই হোজা কৃষকক নানা প্ৰলোভন দি অধিক দামত ঔষধ বিক্ৰী কৰিছে এই কথাটোৱেই হাৰাশাস্তি কৰিছে মিঞা কৃষকক