দেশৰ প্ৰধানমন্ত্ৰীয়ে ৰেইনকোট পিন্ধি গা ধোৱে
মনমোহন সিঙক ঠাট্টা কৰি এইদৰে কৈছিল নৰেন্দ্ৰ মোদীয়ে৷ কাৰ্যকালৰ শেষৰ সময়ছোৱাত UPA চৰকাৰৰ কেলেংকাৰিৰ কথা কৈ মোদীয়ে কৈছিল- প্ৰধানমন্ত্ৰীয়ে জালিয়াতি দেখিও নেদেখাৰ ভাও জুৰিছে৷
বিহ গিলিও নীলকণ্ঠৰ দৰে হৈ থকা মনমোহন সিং যে কিমান অপমানৰ সন্মুখীন হৈছিল তাৰ একো হিচাপেই নাই৷
তেওঁৰ কাৰ্যকালত টকাৰ বিপৰীতে ডলাৰৰ মূল্য বৃদ্ধি হৈছিল৷ তেতিয়াও মোদীয়ে কৈছিল- এতিয়া টকা ICUত আছে!
পিছে মোদীৰ কাৰ্যকালত ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ সৰ্বাধিক পতনৰ সময়তো মনমোহন সিঙে একো নক’লে৷ পিছে ডলাৰ আৰু টকাৰ চৰ্চাৰ সময়তে তেওঁ ত্যাগ কৰিলে শেষ নিশ্বাস৷
এবাৰ আনকি ডঃ সিঙৰ খোজ-কাটলক লৈয়ো উপলুঙা কৰিছিল মোদীয়ে৷ বিদেশ ভ্ৰমণৰ সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে ডঃ সিঙক দেহাতি ঔৰত অৰ্থাৎ গাঁৱলীয়া তিৰোতা বুলি ঠাট্টা কৰা বুলি মোদীয়ে দাবী কৰিছিল৷
কিন্তু একো সমালোচনাৰে তেওঁ উত্তৰ নিদিলে৷ পিছে ডঃ সিঙে কৰা সকলো ভৱিষ্যদ্বাণী সত্য প্ৰমাণিত হ’ল৷
তেওঁ কোৱা অনুসৰিয়েই বিমুদ্ৰাকৰণ বিফল হিচাপে প্ৰতিপন্ন হ’ল৷ আধুনিক ভাৰতীয় অৰ্থনীতিৰ স্থপতিবিদজনে গঢ়া ভেটীতে পিছে থিয় হৈছে দেশ৷