মুখ্যমন্ত্ৰীক ৰকিবুলৰ চেলেঞ্জ

চামগুৰিৰ দুৰ্গ বিজেপিৰ হাতত এৰি দিবলগীয়া হোৱাত হতাশ হৈ পৰিছে ৰকিবুল হুছেইন৷
সেয়ে হিমন্ত বিশ্ব শৰ্মাক এটা বিশেষ চেলেঞ্জ কৰি ৰকিবুল হুছেইনে৷ ধুবুৰীৰ সাংসদজনে দাবী কৰা অনুসৰি ২০২৬ত তেওঁ চামগুৰি সমষ্টি উদ্ধাৰ কৰিব৷
কেৱল উদ্ধাৰ কৰাই নহয়, চামগুৰিত কংগ্ৰেছ প্ৰাৰ্থী ৫০ হাজাৰ ভোটত জিকিব বুলিও দাবী কৰিলে ৰকিবুলে৷
অহাবাৰ চামগুৰিত যদি পঞ্চাশ হাজাৰতকৈ এটা ভোটৰ কম ব্যৱধানতো কংগ্ৰেছ হাৰে তেন্তে ৰাজনৈতিক জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিম বুলি ভীষ্মপ্ৰতিজ্ঞা কৰিলে ৰকিবুলে৷
তেওঁ কয় যে ২০২৬ৰ নিৰ্বাচনত চামগুৰি সমষ্টি যিকোনো প্ৰকাৰে বিজেপিক পৰাজিত কৰা হ’ব৷ তাৰ বাবে নিজেই চামগুৰিত আকৌ প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও ইংগিত দিছে ৰকিবুলে৷
ইংগিত মতে আকৌ ৰাজ্যৰ ৰাজনীতিলৈ ৰকিবুলে প্ৰত্যাৱৰ্তন কৰিব৷ আকৌ তেওঁ হ’ব চামগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial