মন্ত্ৰীৰ সমষ্টিত কাৰ নিৰ্দেশত উচ্ছেদ?

মন্ত্ৰী অজন্তা নেওগৰ সমষ্টিতে উচ্ছেদ কৰা হ’ল অংগনৱাড়ী কেন্দ্ৰ৷ ৰাজ্যৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী তথা গোলাঘাটৰ বিধায়িকা অজন্তা নেওগৰ গৃহ চহৰ গোলাঘাটৰ এটা চৰকাৰী অংগনৱাড়ী কেন্দ্ৰ পৌৰসভাই উচ্ছেদ কৰিলে৷ বিপ্লৱী বীৰ শংকৰ চন্দ্ৰ বৰুৱা উদ্যানৰ পুখুৰীৰ পাৰত থকা অংগনৱাড়ী কেন্দ্ৰত গোলাঘাট পৌৰসভাই উচ্ছেদ চলাই শিশুৰ খেলা-ধূলাৰ সামগ্ৰী, চকী-টেবলো ভাঙি চূড়মাৰ কৰিলে৷ সেই ৱাৰ্ডটোৰ পূৰ্বৰ চাৰিটা অংগনৱাড়ী কেন্দ্ৰ চৰকাৰীভাৱে একেলগ কৰাৰ পিছত কেন্দ্ৰটো পৰিচালনাৰ বাবে উপযুক্ত স্থানৰ অভাৱ হৈছিল৷ তাৰ পিছত কৰ্মচাৰীক সেই স্থানতে কেন্দ্ৰ পৰিচালনাৰ অনুমতি দিছিল পৌৰসভাই৷ অংগনৱাড়ী কেন্দ্ৰটোৱে উক্ত স্থানত নিজা উদ্যোগত অস্থায়ী গৃহ নিৰ্মাণ কৰিছিল৷ সেইটো গৃহ ৩০ জুলাইত স্বয়ং পৌৰপতিয়ে উদ্বোধনো কৰিছিল৷ তাৰ পিছতে কেন্দ্ৰটোত শিশুৰ বিৰ বাঢ়িবলৈ ধৰিলে৷ কিন্তু হঠাতে পৌৰসভাই শংকৰ বৰুৱা উদ্যানৰ পুখুৰীৰ পাৰত উন্নয়নমূলক আঁচনিৰ কামৰ অজুহাত দেখুৱাই অংগনৱাড়ী কেন্দ্ৰটো উঠাই নিবলৈ কৰ্মীসকলক হেঁচা দিলে৷ তাৰ পিছত চলোৱা হ’ল উচ্ছেদ৷ অভিযোগ অনুসৰি উক্ত স্থানত কফি হাউছ নিৰ্মাণৰ বাবে অংগনৱাড়ী কেন্দ্ৰ উচ্ছেদ কৰা হৈছে৷ কিন্তু জুলাইত পৌৰপতিয়ে উদ্বোধন কৰা গৃহ ডিচেম্বৰত কিয় উচ্ছেদ কৰা হ’ল সেয়া হৈ পৰিছে ৰহস্যৰ বিষয়৷ কিন্তু এই সন্দৰ্ভত নীৰৱ হৈ আছে অজন্তা নেওগ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial