১৯৯১ চনত অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হোৱাৰ আগতেই বিত্তমন্ত্ৰী হৈছিল ডঃ মনমোহন সিং৷ কিন্তু নৰসিংহ ৰাও চৰকাৰৰ পতনৰ পিছত তেওঁ হৈ আছিল কেৱল সাংসদ৷ তেতিয়া কংগ্ৰেছৰ শীৰ্ষ মহলে ডঃ সিঙক সাংসদ পদৰ পৰাওঅপসাৰণৰ চেষ্টা চলাইছিল৷
পিছে তেতিয়াই এবাৰ অসমলৈ আহিছিল ডঃ সিং৷ তেওঁৰ সৈতে আছিল কংগ্ৰেছৰ নেতা কমল নাথ৷ সেই সময়ত কিন্তু ডঃ সিং আছিল অখ্যাত নেতা৷ গতিকে কোনেও তেওঁক গুৰুত্ব নিদিলে৷
মনমোহন সিঙৰ পৰিৱৰ্তে কমল নাথক সাক্ষাতৰ বাবেহে কংগ্ৰেছীৰ উথপ-থপ লাগিল৷ তাৰ পিছতো বহুদিন অকলে অসমলৈ আহিছিল ডঃ সিং৷
পিছে দ্বিতীয়বাৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত তেওঁ ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিবলৈ গুৱাহাটীত উপস্থিত হৈছিল৷ সেইদিনা প্ৰধানমন্ত্ৰীৰ উপস্থিতিৰ বাবে জনতা ভৱনত সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল চৰকাৰে৷
এই ঘটনাৰ পিছতে ৰাজ্যৰ সাংবাদিকসকলে জনতা ভৱনৰ পদূলিত বহি প্ৰতিবাদ স্যবস্ত কৰিছিল৷ সকলোৱে একেঠাইতে কৰিছিল অৱস্থান৷
পিছে ঘটনাৰ বিষয়ে উমান পাই সাংবাদিকসকলক মাতি নিছিল প্ৰধানমন্ত্ৰীয়ে৷ কৰযোৰে সকলোৰে ওচৰত বিচাৰিছিল ক্ষমা৷