তেতিয়া ৰাজনীতিত ডঃ মনমোহন সিং আছিল নতুন৷ পি ভি নৰসিংহ ৰাৱৰ চৰকাৰৰ বিত্তমন্ত্ৰী হিচাপে তেওঁ দায়িত্ব গ্ৰহণ কৰিছিলহে৷
সেই সময়তে এদিন সংবাদমেলত ডঃ সিঙক কঠোৰ সমালোচনা কৰিলে অটল বিহাৰী বাজপেয়ীয়ে৷ বিজেপিৰ বিৰোধী দলৰ নেতা বাজপেয়ীয়ে ডঃ সিঙক সৰ্বকালৰ ব্যৰ্থ বিত্তমন্ত্ৰী হিচাপে অভিহিত কৰিলে৷
ৰাজনীতিত অনভিজ্ঞ ডঃ সিঙে বাজপেয়ীৰ সমালোচনাক সহজভাৱে ল’ব নোৱাৰিলে৷ তেওঁ পদত্যাগৰে সিদ্ধান্ত ল’লে৷ সেইদিনাই হাতত পদত্যাগ পত্ৰ লৈ প্ৰধানমন্ত্ৰীৰ বাসভৱনত উপস্থিত হ’ল ডঃ সিং৷
কিন্তু ঘটনাৰ বুজ লৈ প্ৰধানমন্ত্ৰীয়ে বাজপেয়ীকে ফোন লগালে৷ নৰসিংহ ৰাৱে বাজপেয়ীক ক’লে- আপুনি ইমান বেয়াকৈ কৈছে, মোৰ ফাইনেঞ্চ মিনিষ্টাৰে ৰিজাইন দিবলৈ ওলাইছে৷ এতিয়া আপুনি তেওঁক বুজাওক৷ কেনেকৈ বুজাই মই নাজানোঁ!
তেতিয়া বাজপেয়ীয়ে আকৌ যোগাযোগ কৰিলে ডঃ মনমোহন সিঙৰ সৈতে৷ সংবাদমেলত ককৰ্থনা কৰা নেতাজনক বাজপেয়ীয়ে শীতলকণ্ঠে ক’লে- ডঃ চাহাব, আমি যিবোৰ কথা কওঁ, সেইবোৰ ৰাজনৈতিক লাভালাভৰ বাবে কওঁ৷
গতিকে কথাবোৰক ব্যক্তিগতভাৱে নল’ব৷
তাৰ পিছতহে ডঃ মনমোহন সিঙে বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকিবলৈ সৈমান হ’ল৷
কিয় পদত্যাগ কৰিবলৈ ওলাইছিল ডঃ সিং
