অসমৰ এটা সাংঘাতিক উপকাৰ কৰি থৈ গৈছে ডঃ মনমোহন সিঙে
তেওঁ সেই উপকাৰ নকৰাহেঁতেন অসমৰ বিপদ অৱধাৰিত আছিল
ডঃ সিং যেতিয়া বিত্তমন্ত্ৰী হৈছিল তেতিয়া অসমটো বাদেই, উত্তৰ-পূবতে নাছিল MRI মেচিন৷ কিন্তু ১৯৯৬ চনৰ ওচৰে-পাজৰে ডা নোমল চন্দ্ৰ বৰাই GNRC হস্পিতেললৈ MRI মেচিন আনিবলৈ মনস্থ কৰিলে৷
পিছে তেতিয়াই MRI মেচিনৰ দাম আছিল প্ৰায় ১ কোটি টকা৷ তদুপৰি আন কৰৰ সৈতে সজুলিবিধৰ দাম আৰু বাঢ়িছিল৷
গতিকে নোমল চন্দ্ৰ বৰাই তৎকালীন বিত্তমন্ত্ৰী ডঃ সিঙলৈ পত্ৰ লিখি কৰ ৰেহাইৰ আবেদন জনালে৷ কৰ ৰেহাই দিলে সূলভ মূল্যত ৰোগীক সেৱা আগবঢ়াব পৰা যাব বুলিও লিখিল চিকিৎসকজনে৷
অন্যথা MRI মেচিন ব্যৱহাৰৰ খৰচ যে বৃদ্ধি হ’ব সেয়াও পত্ৰযোগে জনোৱা হ’ল৷
অসমৰ ৰাইজৰ স্বাৰ্থত এই আবেদন মানি লৈছিল ডঃ সিঙে৷ তেওঁ MRI মেচিনটোৰ সৰবৰাহৰ কৰ সম্পূৰ্ণ ৰেহাই দিছিল৷
তাৰ ফলত লাভান্বিত হৈছিল অসম৷ পৰৱৰ্তী সময়ত ব্যয়সাধ্য দামতে MRI মেচিনৰ সেৱা আগবঢ়াইছিল নোমল বৰাই৷
কিন্তু এই উপকাৰৰ কথা কেতিয়াও কাকো নক’লে ডঃ সিঙে৷ তেওঁ সদায়ে হৈ থাকিল নীৰৱ৷
তাহানিতে অসমক দিছিল এটা সাংঘাতিক উপহাৰ
