আমেৰিকাত কাৰ ফোন ধৰিছিল ডঃ সিঙে?

দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিবলৈ বিদেশলৈ গৈছিল ডঃ মনমোহন সিং৷ ১৯৯১ চনত তেওঁ কিছুদিনৰ বাবে আমেৰিকাত আছিলগৈ৷
সেই সময়ত ভাৰতত আৰম্ভ হৈছিল মন্দাৱস্থা৷ ধাৰ পৰিশোধৰ বাবে দেশৰ সোণৰ ভাণ্ডাৰো বন্ধকত দিছিল তৎকালীন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাৱে৷
দেশ মাত্ৰ ৫০ দিন চলাবৰ জোখাৰহে আছিল পুঁজি৷ গতিকে সংকটৰ পৰিত্ৰাণ বিচাৰি ব্যাকুল হৈ আছিল নৰসিংহ ৰাও৷
তেতিয়া আমেৰিকাত থকা মনমোহন সিঙে হঠাতে এদিন লাভ কৰিলে এটা বিশেষ ফোন৷ ফোনৰ ইপাৰে আছিল নৰসিংহ ৰাও৷ তৎকালীন প্ৰধানমন্ত্ৰীয়ে ডঃ সিঙক ক’লে- আজিয়েই আহি যাওক৷ আপুনি দেশৰ বিত্তমন্ত্ৰী হ’ব লাগিব৷
তেতিয়াও একো বুজি পোৱা নাছিল ডঃ মনমোহন সিঙে৷ কিন্তু প্ৰধানমন্ত্ৰীৰ নিৰ্দেশক্ৰমে তেওঁ দিল্লীত উপস্থিত হ’ল৷
বিমানকোঠৰ পৰা অটোৰিক্সা ভাৰা কৰি প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনত হাজিৰ হ’ল ডঃ সিং৷ পোনে পোনে তেওঁ সাক্ষাৎ লাভ কৰিলে প্ৰধানমন্ত্ৰীৰ৷
তেতিয়া নৰসিংহ ৰাৱে মাত্ৰ সুধিলে- আপুনি কেতিয়া শপত গ্ৰহণ কৰিব?
সেইসময়লৈ নতুন দায়িত্বৰ উমান পাইছিল ডঃ সিঙে৷ ইতিমধ্যে ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ হোৱা ডঃ সিঙে সেইদিনাই দেশৰ বিত্তমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিলে৷
আচলতে সেইদিনাৰ পৰাই দেশত আৰম্ভ হ’ল LPG অৰ্থনীতি৷ মনমোহন সিঙে দায়িত্ব গ্ৰহণ কৰিয়েই লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন আৰু গ্ল’বেলাইজেশ্যনৰ বাবে মুকলি কৰি দিলে অৰ্থনীতিৰ সিংহদ্বাৰ৷
প্ৰধানমন্ত্ৰী হৈ তেওঁ FDIৰ অনুমতিও প্ৰদান কৰিলে৷ তেওঁৰ বাবেই দেশত আম্ভ হ’ল নতুন অৰ্থনৈতিক বসন্ত৷ অন্যাৰ্থত ডঃ সিঙৰ বাবেই চহকী হ’ল ভাৰতীয় মধ্যবিত্ত৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial