হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্তত দুখ পাইছিল ডঃ মনমোহন সিঙে৷ কংগ্ৰেছ ত্যাগ কৰি হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগ দিয়াৰ বাতৰি শুনি তেওঁ সুখী হোৱা নাছিল৷ ঘনিষ্ঠ মহলৰ ওচৰত হিমন্ত বিশ্বৰ দলত্যাগৰ বাবে কংগ্ৰেছৰ লোকচাম হ’ব বুলিও তেওঁ ব্যক্ত কৰিছিল৷
অৱশ্যে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ডঃ মনমোহন সিঙৰ সদিচ্ছাৰ আছে এটা বিশেষ কাৰণ৷ সেই কাৰণতে ভূতপূৰ্ব প্ৰধানমন্ত্ৰীজন অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আছিল দয়াশীল৷
কাৰণটো হৈছে হিমন্ত বিশ্ব শৰ্মা হিতেশ্বৰ শইকীয়াৰ জৰিয়তে হোৱা কংগ্ৰেছী৷ অসমৰ মুখ্যমন্ত্ৰী হিচাপে হিতেশ্বৰ শইকীয়াই কাৰ্যনিৰ্বাহ কৰাৰ সময়ত যুৱ বাহিনীত হিমন্ত বিশ্ব শৰ্মাক অগ্ৰাধিকাৰ দিছিল৷
আওপকীয়াকৈ হ’লেও ডঃ সিঙো আছিল হিতেশ্বৰ শইকীয়াৰে সৃষ্টি৷ তেওঁ যেতিয়া বিত্তমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল তেতিয়া কোনো এখন সংসদৰে সদস্য নাছিল৷ তেতিয়া হিতেশ্বৰ শইকীয়াই অসমৰ পৰা ডঃ সিঙক পাতিছিল ৰাজ্যসভাৰ সাংসদ৷
গতিকে হিতেশ্বৰ শইকীয়াক গুৰু হিচাপে মানি চলিছিল ডঃ মনমোহন সিঙে৷ একেটা কাৰণতে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিও আছিল দয়াশীল৷
কংগ্ৰেছৰ আমোলত হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধক্ৰমে তেওঁ অসমক দিছিল বিশেষ পুঁজি৷ তদুপৰি ব্যক্তিগতভাৱও তেওঁলোকৰ আছিল ঘনিষ্ঠতা৷
অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি দয়াশীল আছিল ডঃ সিং
