হিন্দুৰ নামত ৰাজনীতি নচলিব

হঠাতে হিন্দু নেতা হোৱাৰ লোভত এচামে মন্দিৰ-মছজিদৰ ৰাজনীতি কৰি আছে৷ সদায়েই দেশত কেৱল ধৰ্মস্থানৰ প্ৰসংগত আলোচনা কৰাটো যুক্তিসংগত নহয়৷ এই মন্তব্য ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতৰ৷ আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে উত্তৰ প্ৰদেশৰ সম্ভলত মছজিদৰ তলত মন্দিৰ বিচাৰি চলোৱা জৰীপৰ প্ৰসংগতো অসন্তোষ ব্যক্ত কৰিছে৷ ৰাম মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত এচাম লোক নেতা হোৱাৰ বাবে লুভীয়া হৈ পৰা বুলিও কটাক্ষ কৰিছে সৰসংঘচালক ভাগৱতে৷ তেওঁ কয় যে দেশবাসীয়ে বিশ্বক সদ্ভাৱনাৰ পথ প্ৰদৰ্শন কৰিব লাগে৷ সকলো জনতা যে একত্ৰিত হৈ আছে তাৰ বাবে ভাৰতে আৰ্হি স্থাপন কৰাৰ দৰকাৰ আছে৷ পুনেত অনুষ্ঠিত সহজীৱন ব্যাখ্যামালা অনুষ্ঠানত ভাগৱতে কয় যে সদায়েই মন্দিৰ-মছজিদৰ বিষয়ে এটা নতুন বিতৰ্কৰ আৰম্ভ কৰা হয়৷ এই ধৰণৰ কাম কৰিবলৈ অনুমতি দিব নোৱাৰি৷ আনহাতে সম্ভলৰ শ্বাহী জামা মছজিদ বিতৰ্ক আদালত পোৱাৰ বাবেও তেওঁ বিতুষ্টি প্ৰকাশ কৰিলে৷ তেওঁ কয় যে ধৰ্মীয় বিশ্বাসৰ অংগাগী হোৱাৰ বাবে ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে৷ কিন্তু সদায়ে এনে বিতৰ্ক গ্ৰহণযোগ্য নহয়৷ আনহাতে দেশ সংবিধানৰ মতেই চলিব বুলিও মন্তব্য কৰিলে সৰসংঘচালক ভাগৱতে৷ তেওঁ ক’লে- বাহিৰৰ পৰা অহা এচাম লোকে কট্টৰতা প্ৰদৰ্শন কৰিছে৷ সেইসকলে ভাবিছে যে তেওঁলোকৰ পুৰণি শাসন আকৌ স্থাপিত হ’ব৷ কিন্তু সকলোৱে মনত ৰখা ভাল যে এই দেশ সংবিধানৰ মতেহে চলিব৷ আনহাতে বিদেশত হিন্দুৰ দুৰ্গতিৰ বাবেও আৰ এছ এছৰ মুৰব্বীয়ে খেদ ব্যক্ত কৰিছে৷ কিন্তু ভাগৱতৰ মন্তব্যৰ সময়তে এ এছ আয়ে সম্ভলত উদ্ধাৰ কৰিছে আন এটা মন্দিৰ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email