জিমত ডাম্বেল দাঙি থকা মহিলাগৰাকীক দেখি কোনেও কৰিবই পৰা নাছিল বয়সৰ উমান৷ সকলোৱে ভাবিছিল-মহিলাগৰাকী বিশেষ যুৱকজনৰ ভগ্নী৷ কিন্তু পিছতহে গোমৰ ফাক হ’ল৷
কেইদিনমান আগতে ভাইৰেল শাহু অৰুণিমা দত্তই দৰেই ছ’চিয়েল মিডিয়া তোলপাৰ লগাইছিল৷ সেইদৰেই বৰ্তমান আত্মপ্ৰকাশ কৰিছে পিংকী নামৰ মহিলাগৰাকীয়ে৷
অৱশ্যে এইগৰাকী মহিলা অসমৰ নহয়৷ তেওঁ মুম্বাইৰ৷ পিংকী হৈছে অভিনেতা হৃত্বিক ৰোছনৰ মাতৃ৷ বয়সৰ জোখাৰে তেওঁ ৭০ বছৰীয়া৷
কিন্তু বয়সৰ কোনো চিনেই শৰীৰত পৰিবলৈ দিয়া নাই পিংকী ৰোছনে৷ বলীউডৰ পৰিচালক ৰাকেশ ৰোছনৰ পত্নী পিংকী ৭০ বছৰ বয়সতো হৈ আছে ষোড়শীৰ দৰেই৷
এতিয়াও তেওঁ সদায় জিমলৈ যায়৷ সময়মতে কৰে ব্যায়াম৷
সেয়ে সন্তানৰ ৫০ বছৰীয়া হোৱাৰ পিছতো গাভৰুৱেই হৈ আছে পিংকী৷ তেওঁৰ বাবেই ফটোগ্ৰাফাৰে জিমৰ বাহিৰত কৰে ভিৰ৷
সুঠাম শৰীৰৰ গৰাকী পিংকীয়ে পৰিধান কৰে আধুনিক বস্ত্ৰ৷ ২০ বছৰীয়া গাভৰুৰ দৰেই হাঁহি কেমেৰাৰ সন্মুখত তেওঁ সদায় থিয় হয়৷