বজাৰ মন্দা হ’ল বৰদিনৰ

মন্দা হ’ল খ্ৰীষ্টমাছৰ বজাৰ৷ পূৰ্বৰ তুলনাত কিন্তু এইবাৰ বহুলাংশে হ্ৰাস পালে বৰদিনৰ উলাহ৷ গুৱাহাটীৰ চিটী চেণ্টাৰত ফটো উঠিবলৈ সুন্দৰীৰ ভিৰ হ’ল যদিও কমিল ৰঙা টুপী অথবা খ্ৰীষ্টমাছ ট্ৰীৰ বিক্ৰী৷
ফে’চবুকত বৰদিনৰ পূৰ্বে হিন্দুত্ববাদী সংগঠনে চলোৱা ব্যাপক প্ৰচাৰৰ প্ৰভাৱ পৰিল বজাৰত৷ মিছনেৰীৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত যি প্ৰচাৰ চলিল তাৰ বাবে বজাৰ মন্দা হ’ল৷
গুৱাহাটীৰ বিক্ৰেতাই আমাক জনোৱা অনুসৰি পূৰ্বৰ তুলনাত এইবাৰ ৫০ শতাংশ কমকৈ খ্ৰীষ্টমাছৰ সামগ্ৰী বিক্ৰী হৈছে৷
আগতে গুৱাহাটীত বৰদিনৰ উপলক্ষত কমেও ৫ কোটি টকাৰ সামগ্ৰী বিক্ৰী হয়৷ সৰ্বাধিক বিক্ৰী হয় কেক৷
কিন্তু এইবাৰ বজাৰ মন্দা৷ ডিব্ৰুগড়ৰ বাৰ্তা এন ইৰ প্ৰতিনিধিয়ে সংগ্ৰহ কৰা খবৰ অনুসৰি যোৱাবাৰৰ তুলনাত এইবাৰ ৭০ শতাংশ কমকৈ হৈছে বেপাৰ৷
পূৰ্বে চিলাপথাৰ অথবা মাজুলীৰ গিৰ্জাত বৰদিনৰ উপলক্ষত হয় ব্যাপক সমাগম৷ কিন্তু এইবাৰ সেয়াও সেৰেঙা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email