ফোনটো এতিয়া লগাবই নোৱাৰি

টকা ধাৰে লৈ লুকাই থকা বন্ধুলৈ ফোনটো লগাইবই নোৱাৰি, সিফালৰ পৰা ভাহি আহে বিৰক্তিকৰ এটা মাত
যদি আপোনালৈ পুলিচ, ন্যায়াধীশ অথবা CBIৰ বুলি পৰিচয় দি কোনোবাই ফোন কৰিছে…
(বজাই দিবা)
চৰকাৰী ৰিংটনটোত কি ভাষা কৈছে সেয়াও কোনেও ভালকৈ ধৰিব নোৱাৰে৷
কওতাৰ মতে অত্যা দহ নম্বৰৰ ফোন আহিলে গুৰুত্ব দিব নালাগে৷ অৱশ্যে তেওঁ চৰকাৰী হেলপ লাইন (এনেকৈ পহিবা) নম্বৰলৈ যোগাযোগ কৰিবলৈয়ো গ্ৰাহকক উপদেশ দিছে৷
কিন্তু এই বিৰক্তিকৰ, কৰ্কশ মাতটোৱে ফোন কৰাটোৱো কৰি তুলিছে সমস্যা৷
আপুনি এতিয়া অভিমানী প্ৰেমিকাক ফোন কৰাৰ আগতেও শুনি ল’ব লাগিব সেই কুন্ধচ অসমীয়া মাতষাৰ৷
ৰোগীয়া আত্মীয়ৰ খবৰ ল’বলৈ ফোন কৰিলেও একেটা ৰিংটনেই শুনিব লাগিব৷
দেশত ঠগ-প্ৰবঞ্চকৰ উৎপাত বেছি হোৱাৰ বাবে গৃহ বিভাগে টেলিকম কোম্পানীক এই ৰিংটনটো বজাবলৈ নিৰ্দেশ দিছে৷ সজাগতা অভিযান ৰিংটনৰ জৰিয়তে চলোৱা হৈছে৷
কিন্তু আনবোৰ ভাষাত যেনেকৈ শুৱলাকৈ ৰিংটনটো বজোৱা হৈছে অসমীয়াত তেনে কৰা হোৱা নাই৷
বাংলাভাষীয়ে দিছে অসমীয়া ৰিংটনৰ ভইচ অভাৰ৷ ফলত বিজতৰীয়া মাত এটাহে সদায় হজম কৰি থাকিবলগীয়া হৈছে আমি৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email