হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰথম ৰাউণ্ডৰ যুঁজত গৌৰৱ গগৈ পৰাজিত হ’ল৷
অসমৰ ৰাজনীতিত বিৰোধীৰ অপ্ৰতিদ্বন্দ্বী নেতা হোৱাৰ বাসনাৰে ফিল্ডত নমা গৌৰৱে ফাৰ্ষ্ট হাফতে গ’ল খালে৷
এয়াই হৈছে ৰাজনৈতিক সত্য৷
পুলিচৰ ৰাসায়নিক অস্ত্ৰৰ প্ৰভাৱত ৰাজভৱনৰ দাঁতিতে মৃদুল ইছলাম নামৰ নিমাখিত কংগ্ৰেছ কৰ্মীজনৰ মৃত্যুক যথেষ্ট গুৰুত্ব দিছিল দিল্লীয়ে৷ অসমৰ মৃদুলৰ মৃত্যুক হত্যা বুলি অভিহিত কৰিছিল ৰাহুল গান্ধীয়ে৷
সেই ইছ্যুটোকে বিশাল কৰিবলৈ দিল্লীয়ে গৌৰৱক দিছিল গুৰুদায়িত্ব৷ কিন্তু অসমলৈ আহি ৰাহুলৰ আন্দোলন বিস্তাৰিত কৰাত গৌৰৱ ব্যৰ্থ হ’ল৷
মূলতঃ কংগ্ৰেছৰ লবী ৰাজনীতিৰ বাবেই গৌৰৱ বিফল হ’ল৷ পিছে এই ব্যৰ্থতাৰ বাবে যে দিল্লীত গৌৰৱৰ নম্বৰ কটা যাব সেয়াও অৱধাৰিত৷
অৱশ্যে ৰাহুলৰ নিৰ্দেশ অনুসৰি গৌৰৱে সংবাদমেল সম্বোধন কৰি দলীয় কৰ্মীৰ উদ্যম ঘূৰাই আনিবলৈ পাৰ্যমানে চেষ্টা কৰিছিল৷ পিছে মৃদুলৰ মৃত্যুৰ পিছত আকৌ আম্বেদকাৰ সন্মান যাত্ৰাৰ বাবে বিশেষ জনসমাগম নহ’ল৷
তাতকৈ অধিকসংখ্যক কৰ্মী যিহেতু ৰাজভৱন যাত্ৰাৰ সময়তে সমৱেত হৈছিল, গতিকে ওজন বাঢ়িছে ভূপেন বৰাৰহে৷