জিভা পিছলি আম্বেদকাৰৰ প্ৰসংগত ওলোৱা কথাই বিপদত পেলাইছে অমিত শ্বাহক৷ তেওঁৰ বিৰুদ্ধে মোদীক অভিযোগো দিছে মিত্ৰদলে৷ ৰাজহুৱাকৈ সুৰক্ষা প্ৰদান কৰিলেও কেবিনেট সতীৰ্থক লৈ প্ৰধানমন্ত্ৰীও হৈ পৰিছে উদ্বিগ্ন৷ বিশেষকৈ কেবাখনো সংবেদনশীল ৰাজ্যত অমিত শ্বাহৰ উদ্ধত মন্তব্য এন ডি এৰ বাবে বিপজ্জনক হৈ পৰিব বুলি তেওঁ শংকিত হৈ পৰিছে৷ মিত্ৰদলৰ হেঁচাৰ পিছত বাধ্য হৈ নৰেন্দ্ৰ মোদীয়ে অনুষ্ঠিত কৰিছে বৈঠক৷ বিজেপি সভাপতি জে পি নড্ডাৰ বাসগৃহত অনুষ্ঠিত গোপন সভাত আজি তেলুগু দেশমৰ চন্দ্ৰবাবু নাইডু, জে ডি ইউৰ ৰাজীৱ ৰঞ্জন সিং আদিয়ে অংশগ্ৰহণ কৰিছে৷ চৰকাৰী কাৰণত এন ডি এৰ নেতাগণ সন্মিলিত হোৱা বুলি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হৈছে যদিও বৈঠকৰ এজেণ্ডা যে পৃথক সেয়া ইতিমধ্যে হৈ পৰিছে পৰিস্ফূট৷ বিশেষকৈ অমিত শ্বাহ মন্তব্য বিৰোধীয়ে দলিতবিৰোধী বুলি অৱতাৰণা কৰাৰ প্ৰসংগতে তেওঁলোক মিলিত হোৱাটো নিশ্চিত হৈছে৷ সমৰ্থিত সূত্ৰই সদৰী কৰা অনুযায়ী প্ৰধানমন্ত্ৰীৰ সৈতে ক্ৰমশ: দূৰত্ব বৃদ্ধি হৈছে অমিত শ্বাহৰ৷ কিন্তু দলিত ভোট যাতে বিৰোধীয়ে কাঢ়ি লৈ যাব নোৱাৰে তাৰ বাবে অমিত শ্বাহক সুৰক্ষা দিবলৈ মোদী বাধ্য হৈছে৷ একেসময়তে কিন্তু ক্ষমতাও কৰ্তন কৰা হৈছে গৃহমন্ত্ৰীৰ৷ বিহাৰ, অন্ধ্ৰপ্ৰদেশ আদিৰ সহযোগী দলে দলিত ভোট হেৰুওৱাৰ ভয়ত অমিত শ্বাহৰ বিৰুদ্ধে অভিযোগ দিয়াত বিতত হৈ পৰিছে মোদী৷ জানিব পৰা মতে শীঘ্ৰে অমিত শ্বাহক ক্ষমা প্ৰাৰ্থনাৰো নিৰ্দেশ দিব মোদীয়ে৷