এটা ৫ টকীয়াৰ দাম ৭ টকা

টেকেলীত যদি ৫ টকীয়া মুদ্ৰা সাঁচি থৈছে তেন্তে উলিয়াই দিয়ক৷ আন কৰিব নোৱাৰিলেও ৫ টকীয়া মুদ্ৰাৰে দৰকাৰী বস্তু কিনি পেলাওক৷
অন্যথা কিছুদিনৰ পিছতে কিন্তু ৰিজাৰ্ভ বেংকে ৫ টকীয়া মুদ্ৰা বন্ধ কৰি দিব৷ সমগ্ৰ দেশজুৰি ৰিজাৰ্ভ বেংকে ৫ টকীয়া বন্ধ কৰাটো খাটাং৷
কাৰণ দেশৰ ৫ টকীয়া মুদ্ৰাৰ সৰহভাগেই বাংলাদেশলৈ গৈ আছে৷ ভাৰতৰ ৫ টকীয়াৰ বাংলাদেশত মূল্য হৈছেগৈ ১৫ৰ পৰা ২৫ টকাপৰ্যন্ত৷
অসমৰ ধুবুৰী আৰু বৰপেটাৰ পৰা বাংলাদেশলৈ ৫ টকীয়া আৰু দুটকীয়া মুদ্ৰা চালান দিয়া হয়৷ তাৰ বাবদ যোগনীয়াৰে এটা ৫ টকীয়াৰ বিনিময়ত ৭ টকা আৰু দুটকীয়াৰ বিনিময়ত ৩ টকা দাম পায়৷
বৰ্তমান দেশৰ বজাৰত চলি থকা প্ৰায়বোৰ ৫ টকীয়াৰে ওজন হৈছে ৬ গ্ৰাম ৭৪ মিলিগ্ৰাম৷ এইবোৰ বাংলাদেশলৈ নি ফেক্টৰীত গলাই পেলোৱা হয়৷ এটা ৫ টকীয়াৰ পৰা ফেক্টৰীত বনোৱা হয় কমেও ছখন ব্লেড৷
বজাৰত এখন ব্লেডৰ নাম বৰ্তমান দুটকাৰ পৰা ৪ টকাপৰ্যন্ত৷ সেয়ে এটা ৫ টকীয়াৰ পৰাই তৈয়াৰ কৰিব পৰা যায় ২৪ টকাৰ ব্লেড৷
একেদৰে এটা দুটকীয়াৰ পৰাও দুখন ব্লেড ওলায়৷ কিন্তু বাংলাদেশৰ ব্যৱসায়ীয়ে ৫ টকীয়া মুদ্ৰাহে পছন্দ কৰে৷ যাৰ বাবে তেওঁলোকে মূল্য হিচাপত ধুবুৰী আৰু বৰপেটাৰ যোগনীয়াৰৰ পৰা কিনি নিয়ে ৫ টকীয়া মুদ্ৰা৷
আনহাতে ৰিজাৰ্ভ বেংকে দেশত প্ৰচলিত সকলো মুদ্ৰাৰ মূল্য়ৰ সমপৰিমাণৰ সোণ নিজৰ ভাণ্ডাৰত সাঁচি ৰাখে৷ গতিকে ৫ টকীয়াৰ হৰলুকী অৰ্থনীতিৰ বাবে উদ্বেগজনক হৈ পৰিছে৷
গতিকে উপায়ন্তৰ হৈ ৰিজাৰ্ভ বেংকে ৫ টকীয়া মুদ্ৰা বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে৷ অন্যথা দেশত হ’ব পাৰে অৰ্থনৈতিক বিপৰ্যয়৷
গতিকে আপোনাৰ হাততো যদি ৫ টকীয়া মুদ্ৰা আছে তেন্তে শীঘ্ৰে খৰচ কৰি পেলাওক৷ অন্যথা পিছত হাড়মালহে হ’ব সাঁচতীয়া পইচা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email