অহাবাৰলৈ কোনেও কলেজত ছিট নাপায়

মুখ্যমন্ত্ৰীৰ সিদ্ধান্তই সৰ্বনাশ কৰিব অসমৰ শিক্ষাৰ্থীৰ৷ এটা কথা ঠিক, অহাবাৰৰ পৰা অসমৰ কলেজত অভাৱ হ’ব আসনৰ৷ বেছিভাগ শিক্ষাৰ্থীয়ে কলেজত পঢ়িবলৈ সুযোগ পোৱাৰো আশা কম৷
এইবাৰ অসমৰ বহুতো মেধাৱী ছাত্ৰীক স্কুটী নিদিয়াৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে৷ যিসকল ছাত্ৰীয়ে কলেজৰ সলনি কোচিঙত এডমিছন লৈছে তেওঁলোকক স্কুটী দিয়া নহয় বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে৷
কিন্তু এইসকল ছাত্ৰীৰ দৰেই স্কুটীৰ পৰা বঞ্চিত হোৱাৰ শংকাত অহাবাৰলৈ বাণীকান্ত কাকতী পুৰস্কাৰৰ বাবে যোগ্য সকলো ছাত্ৰীয়ে কলেজত এডমিছন ল’ব৷ কিন্তু চৰকাৰী স্কুটী পোৱাৰ পিছতে কলেজ ত্যাগ কৰিব৷
এইবাৰ আগতীয়াকৈ চৰকাৰে ঘোষণা নকৰাৰ বাবেই কলেজত এডমিছন লোৱাৰ পৰা বিৰত থাকিল স্কুটী লাভৰ বাবে যোগ্য ছাত্ৰী৷ কিন্তু অহাবাৰলৈ পৰৱৰ্তী বৰ্ষৰ কৃতী ছাত্ৰীয়ে ভুল নকৰে৷
ফলত ছেকেণ্ড ডিভিজনত পাছ কৰা ছাত্ৰীৰ বাবে কলেজত নোহোৱা হ’ব ছিট৷ কিন্তু স্কুটী পোৱাৰ পিছতে ছাত্ৰীসকলে কলেজ এৰিব৷ তেতিয়া খালী হৈ যাব কলেজ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email