খঙাল প্ৰেমিকাৰ উগ্ৰ মূৰ্তি

৮ বছৰীয়া প্ৰেমৰ পিছত বিয়া পাতিবলৈ অস্বীকাৰ কৰিছিল বাবলু নামৰ যুৱকজনে৷ প্ৰতাৰণাৰ ক্ৰোধে দহি পেলোৱা প্ৰেমিকাই সেয়ে ধাৰাল অস্ত্ৰৰে ছেদ কৰিলে প্ৰবঞ্চক প্ৰেমিক গুপ্তাংগ৷ঘটনাটো ঘটিছে উত্তৰ প্ৰদেশৰ কুলহেৰীত৷ এলেকাটোৰ চৰ্থাৱল গাঁৱৰ এহতশাম ওৰফে বাবলুৰ সৈতে ৮ বছৰে প্ৰেমৰ সম্পৰ্ক আছিল ২২ বছৰীয়া যুৱতীগৰাকীৰ৷
দীঘলীয়া প্ৰেমৰ সময়ত বাবলুকে জীৱন-যৌৱন সঁপি দিছিল যুৱতীগৰাকীয়ে৷ কিন্তু পৰিয়ালৰ হেঁচাত বাবলুৱে প্ৰেমিকাক পাহৰি গ’ল৷
শেহতীয়াকৈ বাবলুৰ বিয়া ঠিক কৰা হৈছিল মীৰাটৰ এগৰাকী যুৱতীৰ সৈতে৷ সেই খবৰ পোৱাৰ পিছতে জ্বলি-পকি উঠিল পুৰণি প্ৰেমিকা৷
তেওঁ বাবলুক ওচৰৰে চিভিল লাইনৰ এখন হোটেললৈ মাতি পঠিয়ালে৷ তাৰ পিছত হোটেলখনত দুয়োৰে মাজত হ’ল বাক-বিতণ্ডা৷ সেই সময়তে সুযোগ বুলি ধাৰাল অস্ত্ৰৰে বাবলুৰ গুপ্তাংগ কাটি পেলালে যুৱতীগৰাকীয়ে৷
একেখন ছুৰীৰেই নিজৰ হাতো কাটিবলৈ চেষ্টা কৰিলে যুৱতীগৰাকীয়ে৷ তাৰ পিছত আৰক্ষীয়েহে দুয়োকে হস্পিতাললৈ নিলে৷
চিভিল লাইন থানাৰ OC ব্যম বিন্দালে প্ৰকাশ কৰা অনুসৰি যুৱতীগৰাকীৰ অৱস্থা সুস্থিৰ৷ কিন্তু বাবলুৰ ৰক্তক্ষৰণ বন্ধ হোৱাই নাই৷ গতিকে তেওঁৰ প্ৰাণৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email