তাৰ বাদে আন একোৱেই নহয়
সমাজত নিজৰ প্ৰতিপত্তি প্ৰদৰ্শন কৰিবলৈ উন্মত্ত হৈ পৰা মধ্যবিত্ত ভাৰতীয় পৰিয়ালে বিবাহৰ বাবে যিমান টকা খৰচ কৰিছে সেয়া শুনি আপুনি হতভম্ব হৈ পৰিব৷
চৰকাৰী তথ্য অনুসৰি ৯ শতাংশ ভাৰতীয়ই বিবাহত কোটি টকা খৰচ কৰে৷ ২২ শতাংশ বিয়াৰ বাজেট হৈছে ৩৭ লাখ৷ মধ্যবিত্ত শ্ৰেণীৰ ভাৰতীয়ই ১১ লাখ টকাৰে বিয়া পাতে৷
কিন্তু এইবাৰ অসমত বিবাহৰ উপলক্ষত আতচবাজীৰ নামতে খৰচ হৈছে ৪ কোটি টকা৷ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা বিয়াৰ বতৰত কেৱল অসমতে দৰা-কইনাৰ পৰিয়ালে ৪ কোটিৰো বেছি টকাৰ ফটকা কিনিছে৷
আমি এই সন্দৰ্ভত গুৱাহাটীত জৰীপ কৰিছিলোঁ৷ লাভ কৰা তথ্যমৰ্মে গুৱাহাটীৰ বিবাহ ভৱনত হোৱা বিয়াতে জ্বলোৱা হৈছে ৮০ লক্ষাধিক টকাৰ আতচবাজী৷ আকাশতে কেবাৰঙী হৈ ফুটা ফটকাবিধেই সৰ্বাধিক বিক্ৰী হৈছে৷
নগাঁও, যোৰহাট আৰু দৰঙত বিক্ৰী হৈছে ২৫ লক্ষাধিকৰ আতচবাজী৷ তিনিওখন জিলাত ফুটিছে কমেও ৭৫ লাখ টকাৰ ফটকা৷
উজনিৰ চহৰ ডিব্ৰুগড়ত ৬৬ লক্ষাধিকৰ আতচবাজী বিক্ৰী হৈছে৷ তালিকাখনত তিনিচুকীয়াও পিছপৰি থকা নাই৷ কেৱল তিনিচুকীয়াবাসীয়ে বিয়াৰ বতৰত ফটকাৰ নামত খৰচ কৰিছে ৩৪ লাখ টকা৷
সমগ্ৰ অসমত মুঠ ৪ কোটিৰো বেছি টকাৰ ফটকা বিক্ৰী হোৱা বুলি আমাক পাইকাৰী বিক্ৰেতাই জানিবলৈ দিছে৷ কিন্তু এই পৰিমাণ যে আৰু বাঢ়িব সেয়াও খাটাং৷